সুদীৰ্ঘ ৪৩ দিনৰ অন্তত বৃদ্ধাশ্ৰমৰ পৰা ঘৰলৈ উভতিল সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ নন্দেশ্বৰ ৰাজ মেধি

Handique Professor

নন্দেশ্বৰ ৰাজ মেধি

নিজৰ ঘৰতে পৰিয়ালৰ লোকৰ দ্বাৰা মানসিক নিৰ্যাতন সন্মুখিন হৈ বৃদ্ধাশ্ৰমত কটাবলগীয়া হোৱা গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ নন্দেশ্বৰ ৰাজ মেধিক সুদীৰ্ঘ ৪৩ দিনৰ অন্তত দেওবাৰে পৰিয়ালৰ লোকে নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমৰ পৰা ঘৰলৈ ওভতাই আনে।

ডক্টৰেট ডিগ্ৰীধাৰী অধ্যাপকগৰাকীয়ে তাহানিৰ দিনতে প্ৰখ্যাত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীলৈ গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ আৰম্ভ কৰিছিল। সুদীৰ্ঘ দিন চাকৰি জীৱনৰ অন্ত পেলাই মেধিয়ে নলবাৰীৰ ঘৰত স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল।

উল্লেখযোগ্য যে, অৱসৰ গ্ৰহণৰ পাছতে অধ্যাপকগৰাকীৰ জীৱনত পৰিয়ালৰ লোকে বিশেষকৈ পুত্ৰ আৰু বোৱাৰীয়েকে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁ দুবাৰকৈ আত্মহত্যাৰ চেষ্টা চলাইছিল।

জীৱিত কালতে চৰম দুৰ্দশাৰ মুখা-মুখি হোৱা অধ্যাপকগৰাকীক পৰিয়ালৰ লোকৰ মানসিক হাৰাশাস্তিৰ পৰা মুকলি কৰি এগৰাকী লোকে নলবাৰীৰ বৃদ্ধাশ্ৰমলৈ লৈ আহিছিল।

এগৰাকী প্ৰাক্তন অধ্যাপক এনেদৰে নিজৰ সন্তানৰ দ্বাৰা নিৰ্যাতিত হৈ বৃদ্ধাশ্ৰমত থাকিব লগা হোৱাৰ বাতৰি অসমৰ সকলো সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছত মেধিৰ দুই পুত্ৰই ৪৩ দিনৰ অন্তত বৃদ্ধাশ্ৰমত জীৱন কটোৱা নিজৰ পিতৃক নিবৰ বাবে দেওবাৰে বৃদ্ধাশ্ৰমখনত উপস্থিত হয়।

আনহাতে, দেওবাৰে মেধিক ঘৰলৈ ওভতাই নিবলৈ অহা দুই পুত্ৰক স্থানীয় ৰাইজে ভবিষ্যতে পুনৰ নিৰ্যাতন নকৰিবৰ বাবে অনুৰোধ জনাই সকলোৱে মিলাপ্ৰীতিৰে থকাৰ বাবে আশীৰ্বাদ দিয়ে।