মোডীলৈ যিপাত যোগীলৈও একেপাত! মোডীৰ পিছতেই এইবাৰ হত্যাৰ ভাবুকি যোগীলৈ

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে মুকলি কৰিছিল এটা হেল্পলাইন নম্বৰ। ৰাজ্যখনৰ যিকোনো ব্যক্তিয়ে যাতে নিজৰ অভিযোগ বা সমস্যাৰ কথা চৰকাৰক জনাব পাৰে তাৰ বাবে মুকলি কৰি দিয়া হৈছিল এই বিশেষ হেল্পলাইন নম্বৰ।

জৰুৰীকালীন সেৱাৰ বাবে ১১২ নম্বৰৰ এই হেল্পলাইন নম্বৰটো মুকলি কৰি দিছিল যোগী চৰকাৰে। এই নম্বৰত ফোন বা মেচেজ কৰি যিকোনো জৰুৰীকালীন অৱস্থাৰ কথা জনাব পাৰে

কিন্তু যোগী চৰকাৰে জৰুৰীকালীন সেৱাৰ বাবে মুকলি কৰি দিয়া এই হেল্পলাইনৰ নম্বৰতে আহিল যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকি। দেওবাৰে নিশা এই নম্বৰৰ জৰিয়তে অচিনাক্ত ব্যক্তিৰ পৰা যোগী আদিত্যনাথলৈ আহিল হত্যাৰ ভাবুকি।

প্ৰশাসনৰ সূত্ৰ অনুসৰি দেওবাৰে নিশা প্ৰায় ১০:৩০ বজাত এই বাৰ্তা প্ৰেৰণ কৰা হৈছিল। বাৰ্তাটোত লিখা আছিল, “মই অতি সোনকালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰিম।

ইয়াৰ পিছত লক্ষ্ণৌৰ সুশান্ত গলফ চিটি আৰক্ষী থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পৰা জানিব পাৰিছে যে ৰেহান নামৰ এজন যুৱকে মেছেজ দি যোগীক হত্যা কৰাৰ ভাবুকি দিছিল।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু যোগীক হত্যাৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এগৰাকী ১৬ বছৰীয়া স্কুলীয়া ছাত্ৰক। লক্ষ্ণৌৰ পৰা নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাত্ৰজনক।