NORTHEAST NOW (Assamese)

ভয়াৱহ ব্লেক ফাংগাছৰ পাছত এইবাৰ হোৱাইট ফাংগাছ! ধৰা পৰিল ৪জনকৈ ৰোগী, ক’ত?

May 20, 2021 9:12 pm · এন ই নাও নিউজ

ব্লেক ফাংগাছৰ পাছত এইবাৰ আহিল হোৱাইট ফাংগাছ।

বৃহস্পতিবাৰে খবৰ পোৱা মতে, বিহাৰৰ পাটনাত বৰ্তমানলৈকে ৪ জন ক’ভিড ৰোগীলৈ এই হোৱাইট ফাংগাছ সংক্ৰমিত হৈছে।

একাংশ চিকিৎসকে দাবী কৰা মতে, ব্লেক ফাংগাছতকৈও বিপদজনক হৈ উঠিব পাৰে হোৱাইট ফাংগাছ।

চিকিৎসকসকলে কোৱা মতে, ব্লেক ফাংগাছৰ সংক্ৰমণ কেৱল মুখৰ আশে-পাশেই হয়, কিন্তু হোৱাইট ফাংগাছ অত্যন্ত দ্ৰুত গতিত শৰীৰৰ সকলো অংগত সুঁচৰিব পাৰে।

হাওঁফাওঁ, যকৃৎ, বৃক্ক, যৌনাংগ- সকলো অংগকে ই বাদ নিদিয়ে।

নখৰ মাধ্যমেৰে শৰীৰৰ নানা স্থানত সংক্ৰমিত হয় ই।

সংক্ৰমিত হোৱাৰ পাছত অংগসমূহ বিকল হৈ যাব পাৰে।

অৱশ্যে হোৱাইট ফাংগাছৰ সংক্ৰমণত হোৱা মৃত্যুৰ হাৰ সম্পৰ্কে বৰ্তমানলৈকে স্পষ্টধাৰণা অহা নাই।

কিন্তু বিজ্ঞানীসকলে আশংকা কৰামতে, ব্লেক ফাংগাছতকৈও ই অত্যন্ত বিপদজনক হৈ পৰিব পাৰে।

বিজ্ঞানীসকলৰ মতে, হোৱাইট ফাংগাছত গৰ্ভৱতী মহিলা আৰু শিশু বেছি পৰিমাণে আক্ৰান্ত হ’ব পাৰে।

বৰ্তমান বিজ্ঞানীসকলে এই ফাংগাছবিধ সম্পৰ্কে অধিক গৱেষণা চলাই আছে।

Related News