কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

৩ ৰাজ্যৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ ভূমিস্খলনৰ পিছত INDIA শিবিৰত আৰম্ভ হৈছে জটিলতা। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আহ্বান কৰা বৈঠকত অংশগ্ৰহণ নকৰে মমতা বেনাৰ্জী, নীতিশ কুমাৰ আৰু অখিলেশ যাদৱে। ফলত ভাৰত মিত্ৰজোঁটৰ বৈঠক আপাততঃ স্থগিত ৰখা হৈছে। 

সূত্ৰই জনোৱা মতে, এই বৈঠক পিছত সকলোৰে বাবে সুবিধাজনক তাৰিখত নিৰ্ধাৰণ কৰা হ’ব। কংগ্ৰেছে ঘোষণা কৰে যে ইণ্ডিয়াৰ পৰৱৰ্তী বৈঠক ৬ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব। 

সোমবাৰে মমতা বেনাৰ্জীয়ে বৈঠক সন্দৰ্ভত কয়, “মোৰ হাতত বৈঠক সম্পৰ্কে কোনো তথ্য নাই। মোক কোনেও ফোন কৰা নাই বা চিঠিও দিয়া নাই।  খবৰ নোপোৱাকৈ  কেনেকৈ যাম? এই মুহূৰ্তত মই সকলো কাৰ্যসূচী বাতিল কৰি সভালৈ যোৱা সম্ভৱ নহয়”। 

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে INDIA মিত্ৰজোঁটৰ বৈঠকলৈ নাযাওঁ বুলি কোৱাৰ পিছতে এই মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে । 

একেদৰে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও বুধবাৰে দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অংশগ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে। 

উত্তৰ প্ৰদেশৰ এক অনুষ্ঠানত অখিলেশ যাদৱে কংগ্ৰেছৰ নাম নোলোৱাকৈয়ে কয় যে, “ফলাফলৰ পিছত ইণ্ডিয়া ঐক্য ম্লান হৈ পৰিছে। আমি ভৱিষ্যতে পুনৰ আলোচনা কৰিম।” 

প্ৰসংগক্ৰমে ৰাজস্থান, তেলেংগানা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে মল্লিকাৰ্জুন খৰ্গেয়ে INDIA মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক আহ্বান কৰে। 

কংগ্ৰেছৰ সূত্ৰ অনুসৰি খৰ্গেয়ে সকলো দলৰ শীৰ্ষ নেতাক ফোন কৰি বৈঠকৰ বিষয়ে অৱগত কৰে।