• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ অপৰাধ হ্ৰাসৰ দাবীৰ দুদিন পাছতে গুৱাহাটীত ৫ টাকৈ হত্যাকাণ্ড, মৃতদেহ উদ্ধাৰ আৰু আত্মহত্যাৰ ঘটনা

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
April 11, 2022 8:55 pm
মুখ্যমন্ত্ৰীৰ অপৰাধ হ্ৰাসৰ দাবীৰ দুদিন পাছতে গুৱাহাটীত ৫ টাকৈ হত্যাকাণ্ড, মৃতদেহ উদ্ধাৰ আৰু আত্মহত্যাৰ ঘটনা
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰীয়ে টুইটাৰ আৰু ফেচবুকযোগে  স-গৌৰৱে কৰা এটা ঘোষণা! অসম আৰক্ষীক ধন্যবাদৰে উপচাই দিছিল এই ঘোষণাত। কিন্তু অপৰাধৰ হাৰ হ্ৰাস পোৱা বুলি দাবী কৰাৰ দুদিনৰ পিছতে অসমৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটীত ২৪ ঘন্টাৰ ভিতৰত তিনিটাকৈ হত্যাকাণ্ড ঘটিল আৰু অৰ্দ্ধগলিত অৱস্থাত উদ্ধাৰ হ’ল এটা মৃতদেহ। তাৰ লগতে এটা আত্মহত্যাৰ ঘটনাও পোহৰলৈ আহিছে।

প্ৰথম ঘটনা দেওবাৰৰ দুপৰীয়া প্ৰায় ১ বজাৰ। দিন দুপৰতে এজন লোকক মূৰত গুলিয়াই হত্যা কৰি থৈ গ’ল। ঘটনাৰ স্থান মহানগৰীৰ বৰাগাঁৱৰ হৰেশ্বৰ বসুমতাৰী পথৰ ৯ নম্বৰ বাসগৃহ। এমট্ৰনৰ একাউন্টেন্ট অজিত চেতিয়াক দিন-দুপৰতে নিজৰ বাসগৃহত পৰিয়ালৰ অন্য সদস্যৰ অনুপস্থিতিত দুৰ্বৃত্তই হত্যা কৰি থৈ গ’ল। এতিয়ালৈকে আৰক্ষীয়ে তদন্ত কৰি আছে যদিও কোনো দুৰ্বৃত্তৰে সন্ধান উলিয়াব পৰা নাই।

দ্বিতীয় ঘটনাৰ স্থান গুৱাহাটীৰ বামুণীমৈদামৰ শীতলাবাৰী। শীতলাবাৰীতো ঘটিছে হত্যাকাণ্ডৰ ঘটনা। দুৰ্বৃত্তই পথতে ডিঙি কাটি পেলাই থৈ গ’ল এজনক। পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ। মৃত লোকজন উত্তৰ পূৱ সীমান্ত ৰেলৱেত কৰ্মৰত কৰ্মচাৰী কাজল চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও প্ৰকৃত হত্যাকাৰীৰ বৰ্তমানলৈকে সন্ধান উলিওৱাত ব্যৰ্থ।

লগতে পঢ়ক: কোকৰাঝাৰৰ বনাঞ্চলৰ পৰা এক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী বাৰুদ উদ্ধাৰ অসম আৰক্ষীৰ

এই ঘটনাৰ সমান্তৰালকৈ ঘটা তৃতীয়টো ঘটনা গান্ধীবস্তি তিনিআলিৰ। নলাত পৰি থকা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। কাপোৰৰ ক্ষুদ্ৰ ব্যৱসায়ী মৃত যুৱকজনৰ নাম হামিদুল ইছলাম বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত এয়া হত্যা কৰি নলাত পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

চতুৰ্থটো ঘটনাৰ স্থান গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাঘৰবড়ী।  বাঘৰবড়ীৰ গংগাশান্তি এপাৰ্টমেন্টত উদ্ধাৰ কাবেৰী হাজৰিকা নামৰ এগৰাকী মহিলাৰ অৰ্দ্ধগলিত মৃতদেহ। মুৰ্মূৰ্ষু অৱস্থাত উদ্ধাৰ বীণাৱালা হাজৰিকা নামৰ মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে দিচপুৰ আৰক্ষীয়ে। এয়া হত্যাকাণ্ডৰ ঘটনা নে অন্য কিবা সেয়া বৰ্তমানো পোহৰলৈ অহা নাই।

ঠিক সেইদৰে দেওবাৰে নিশা অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যলয়ত কৰ্মচাৰীৰ আত্মহত্যাৰ ঘটনা ঘটিছে। ফেনত চিপ লৈ কার্যলয়ৰ কোঠাতে আত্মহত্যা প্ৰদীপ তালুকদাৰ নামৰ গাননিক বিষয়াগৰাকীৰ। কুমাৰিকা বৰগোহাঁইৰ (F.A.O) কোঠাত  কৰ্মচাৰী গৰাকীক চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় যদিও এই পৰ্যন্ত কলিতাৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।

উল্লেখযোগ্য যে, ২৪ ঘন্টাৰ ভিতৰত এনেবোৰ হত্যাকাণ্ড তথা মৃতদেহ উদ্ধাৰ বা আত্মহত্যাৰ ঘটনা ঘটাৰ ২ দিন পূৰ্বে অৰ্থাৎ যোৱা ৮ এপ্ৰিলৰ নিশা অসম আৰক্ষীক ধন্যবাদ জনাই অসমত অপৰাধৰ হাৰ কমা বুলি স-গৌৰৱে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। তেখেতৰ মতে ২০২২ চনৰ জানুৱাৰীত ৭,৭১৫ টা, ফেব্ৰুৱাৰীত ৫,৩৯৭ টা আৰু মাৰ্চত ৬,১১৩ টা অপৰাধৰ ঘটনা পঞ্জীয়ণভূক্ত হৈছিল। অৰ্থাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মতে ২০২২ চনৰ প্ৰথম তিনিমাহত ৩৯.৪% হ্ৰাস পাইছে অপৰাধৰ হাৰ।

লগতে পঢ়ক: ইমৰাণ খানেই নহয়,পাকিস্তানৰ ইতিহাসত কোনো প্ৰধানমন্ত্ৰীয়েই সম্পূৰ্ণ কৰিব পৰা নাছিল নিজৰ কাৰ্যকাল

কিন্তু আশ্চৰ্য্যজনকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ১০ মাহ সম্পূৰ্ণ কৰিলে যদিও কেৱল তিনিমাহৰহে অপৰাধৰ হাৰ উল্লেখ কৰি নিজৰ শাসনকালত অপৰাধৰ হাৰ কমোৱা বুলি দেখুৱাবলৈ চেষ্টা কৰিছে।

কিন্তু আমি লাভ কৰা এক বিশেষ সূত্ৰ অনুসৰি ২০২১ বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহতে ধৰ্ষণ, হত্যা, যৌতুক দাবীকে ধৰি মহিলাৰ বিৰুদ্ধে  ৮৫৬১ টা অপৰাধ ঘটিছিল আৰু শিশুৰ বিৰুদ্ধে  ১৮৫০ টা অপৰাধমূলক ঘটনা ঘটিছিল। ঠিক সেইদৰে অক্টোবৰ আৰু নবেম্বৰ মাহত ৰাজ্যত হত্যাকাণ্ডৰ ঘটনা আছিল ৩৪০ টা। অৰ্থাৎ আমি লাভ কৰা তথ্য মতে উক্ত দুমাহত মুঠ ১০৭৫১ টা শিশু-মহিলাৰ বিৰুদ্ধে অপৰাধ তথা হত্যাকাণ্ডৰ ঘটনা ঘটিছিল।

ইয়াৰোপৰি ড° শৰ্মাই দাঙি ধৰা তথ্য মতে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত মুঠ ১৯২২৫ টা অপৰাধৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছিল।

দুয়োটা তথ্য মিলাই অৰ্থাৎ ৰাজ্যত অক্টোবৰ, নৱেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত মুঠ ২৯,৯৭৬ টা অপৰাধ ঘটিছে। 

লগতে পঢ়ক: কীয়েভৰ ওচৰত উদ্ধাৰ ১২০০ মৃতদেহ; দাবী ইউক্ৰেইনৰ

কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে, আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰে যোগাযোগ কৰি আমি তথ্য ল’বলৈ চেষ্টা কৰিছিলো যদিও তথ্য ল’ব পৰা নগ’ল।

এইখিনিতে উল্লেখ কৰিব বিচাৰিছো সৰ্বানন্দ সোণোৱালৰ ২০১৬-২০২১ চনলৈকে ঘটা মুঠ অপৰাধৰ সংখ্যা। তেওঁৰ দিনত মুঠ ৫,৯৭,০৯৫ টা অপৰাধ ঘটছিল। অৰ্থাৎ গড় হিচাপত বছৰি ১১৯৪১৯ টা অপৰাধ ঘটিছিল।  কিন্তু ইয়াৰ বিপৰীতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ২০১১-১৬ চনলৈকে এই অপৰাধৰ সংখ্যা আছিল ৪,৪৬,১১৯ টা। অৰ্থাৎ গড় হিচাপত বছৰি ৮৯,২২৩ টা অপৰাধ ঘটিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ শাসনৰ আৰম্ভণি অৰ্থাৎ মে’ মাহৰ পৰা তথ্য বৰ্তমান সদনতো দাঙি ধৰা দেখিবলৈ পোৱা নগ’ল। সদনতো কেৱল তিনিমাহৰ তথ্য দাঙি ধৰি তেওঁ অপৰাধৰ হাৰ কমা বুলি জয়গান গালেও অসমৰ ৰাজধানী চহৰত দিন দুপৰতে ঘটা ২৪ ঘন্টাত ৪-৫ টাকৈ এনেধৰণৰ চাঞ্চল্যকৰ ঘটনাই প্ৰকৃততে কি প্ৰমাণ কৰে?

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm
অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm
অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd