NORTHEAST NOW (Assamese)

জুবিনৰ পাছত এইবাৰ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সৰৱ পাপন

January 10, 2019 6:52 pm · এন ই নাও নিউজ

জনপ্ৰিয় গায়ক পাপনে এইবাৰ বিৰোধিতা কৰিছে নাগৰিকক্ত (সংশোধনী) বিধেয়ক, ২০১৬ৰ। জানুৱাৰিৰ ৮ তাৰিখে এই বিধেয়কখন লোকসভাত গৃহীত হৈছে যদিও বিধেয়কখনৰ বিৰুদ্ধে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই প্ৰতিবাদ অব্যাহত আছে।

উল্লেখ্য যে গায়ক আৰু চলচ্চিত্ৰ নিৰ্মাতা জুবিন গাৰ্গে এখন মুকলি চিঠিৰ জড়িয়তে ছ’চিয়েল মেডিয়াত বিতৰ্কিত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত সমগ্ৰ অসমতেই ধুমুহাৰ সৃষ্টি হৈছে।

জানিব পৰা মতে গায়ক পাপনে কৈছে যে যদিহে বিধেয়কখন গৃহীত হয়, অসমৰ ৰাইজে সেয়া হ’বলৈ দিয়ে তেন্তে অসমৰ বাৰেৰহণীয়া সংস্কৃতি বাদাগ্ৰস্ত হ’ব। জুবিনে ফেচবুকত পোষ্ট কৰা চিঠিখনৰ প্ৰতিও পাপনে নিজৰ সমৰ্থন আগবঢ়ায়।

উল্লেখ্য যে মঙলবাৰে জুবিন গাৰ্গে ভাবুকি দিছিল যে যদিহে সাত দিনৰ ভিতৰত মুখ্য মন্ত্ৰী সোণোৱালে বিতৰ্কিত বিধায়কখন বাতিল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হয়, তেন্তে তেওঁ নিজাববীয়াকৈ এটা আন্দোললনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

মুখ্য মন্ত্ৰী সোণোৱালক ‘‘সৰ্বাদা’’ বুলি সম্বোধন কৰি জুবিনে কৈছিল, ‘‘লোকসভাত বিধেয়কখন গৃহীত হ’লেও সৰ্বাদাই ইয়াক নহ’ব বুলি ক’ব পাৰে। কওক আৰু চাওঁক। তাৰ পাছত বাকীখিনি দেখা যাব। মই এতিয়াও শান্ত হৈ আছোঁ।’’

ফেচবুক পোষ্টটোত জুবিনে কৈছে, ‘‘মই এসপ্তাহৰ বাবে অসমত নাথাকোঁ। মই অসমলৈ উভতি অহাৰ পূৰ্বে যদি সৰ্বাদাই কিবা ব্যৱস্থা গ্ৰহণ কৰে ভাল কথা। অন্যথা মই মোৰ আন্দোলন আৰম্ভ কৰিম। মই কি কৰিম মই নাজোনো।

Related News