ট্ৰেফিক চিগনেলত ৰৈ এনেবোৰ  ভিডিঅ কোনে চাই ! আকৌ ভাইৰেল জ’মাট’ ডেলিভাৰী বয়

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল ভাইৰেল হৈ পৰিছে এজন জ’মেট’ ডেলিভাৰী বয়ৰ ভিডিঅ’। কিন্তু কিয়? কিন্তু কোনো কুকৰ্ম কৰি ভাইৰেল হোৱা নাই এইগৰাকী জ’মেট’ বয়।

ট্ৰেফিক চিগনেলত মটৰ চাইকেল ৰখাই থোৱাৰ সময়ত এটা ভিডিঅ’ চাই থকা অৱস্থাত দেখা পোৱা গ’ল এজন জ’মেট’ ডেলিভাৰী কৰা যুৱকক। ইতিমধ্যে ভইৰেল হৈ পৰিছে যুৱকজনে মোবাইল ভিডিঅ’ চাই থকা এটা ভিডিঅ’।

এই ভিডিঅ’টো ‘এক্স’ত এজন ব্যক্তিয়ে শ্বেয়াৰ কৰিছে। কেপচনত তেওঁ লিখিছে, ‘এই ভিডিঅ’টো চাই শিক্ষাৰ প্ৰতি থকা আগ্ৰহ বুজিব পাৰি।’ 

ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনৰ মটৰ চাইকেলৰ কাষত ইখনৰ পিছত সিখন গাড়ী ৰৈছেহি। সকলোৱে চিগনেল সেউজীয়া হোৱালৈ অপেক্ষা কৰি আছে। সকলোৰে চকু চিগনেল লাইটত। 

তাৰ মাজত এজনে লক্ষ্য কৰিলে মটৰ চাইকেলত বহি থকা ডেলিভাৰী বয়গৰাকীয়ে মোবাইল চাই থকা দৃশ্য। তেওঁ মোবাইলত ইউ পি এছ চিৰ সৈতে জড়িত ভিডিঅ’ চাই আছে।

যোৱা ২৯ মাৰ্চত ‘এক্স’ ত এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছিল। এতিয়া ভাইৰেল হৈ পৰিছে উক্ত ভিডিঅ’টো। 

সকলোৱে মন্তব্য কৰিছে, জীৱন সংগ্ৰামৰ বাবে  জ’মেট’ ডেলিভাৰীৰ কামত নামি পৰা এই যুৱকজনৰ জ্ঞানৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। লগতে অনুমান কৰা হৈছে যে যুৱকজনে বোধহয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। কঠোৰে জীৱন সংগ্ৰামৰ মাজতো এইদৰে জ্ঞান লাভ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আগ্ৰহী যুৱকজনক সকলোৱে সন্মান জনাইছে।