ম্যানমাৰত সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে প্ৰথমগৰাকী কিশোৰীয়ে

a girl

ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী কিশোৰীয়ে।

শেহতীয়াকৈ সামৰিক শাসকে দেশ খনৰ শাসন ভাৰ হস্তগত কৰাৰ পিছত এয়াই হৈ প্ৰথমগৰাকী অসামৰিক লোকৰ মৃত্যু।

যোৱা ৯ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ৰাজধানী নাই পি টাওত প্ৰতিবাদী সমদলত ভাগ লৈছিল ১৯ বছৰীয়া মিয়া থে থে খাইং নামৰ কিশোৰীগৰাকীয়ে।

শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ সাৱ্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল ম্যানমাৰৰ সেনা।

সেনাই নিক্ষেপ কৰা গুলীয়ে আঘাত কৰিছিল কিশোৰীগৰাকীৰ মূৰত । লগে লগে তেওঁ ঢলি পৰিছিল আৰু ততাতৈয়াকৈ তেওঁক ভৰ্তি কৰোৱা হৈছিল নাই পি টাওৰ ১০০০ খন বিচনাযুক্ত চিকিৎসালয়ত।

মূৰত গুলী লগা কিশোৰীগৰাকীক বচাবলৈ চিকিৎসকে প্ৰাণপণে চেষ্টা চলাইছিল যদিও তেওঁৰ মৃত্যু ঘটে।কিশোৰীগৰাকীৰ মৃত্যুৱে সেনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা প্ৰতিবাদকাৰীসকলক অধিক উত্তেজিত কৰি তোলা পৰিলক্ষিত হৈছে।

উল্লেখ্য মূৰত গুলী লগাৰ ফলত কিশোৰীগৰাকীৰ ব্ৰেইন ডেথ হৈছিল।ফলত চিকিৎসকে কিশোৰীগৰাকীৰ জীৱনৰ আশা সম্পূৰ্ণ ৰূপে এৰি দিবলৈ পৰিয়ালৰ লোকক কৈছিল

৯ ফেব্ৰুৱাৰীত ম্যানমাৰৰ উক্ত  চহৰ খনৰ ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলে সেনাই আটক কৰি ৰখা গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীৰ মুক্তি দাবী কৰাৰ লগতে দেশত খনত পুনৰ গণতন্ত্ৰৰ শাসন প্ৰতিষ্ঠাৰ দাবী জনাইছিল।

প্ৰতিবাদকাৰীৰ ওপৰত সিদিনা সেনাই গুলীচালনা কৰিছিল। সেনাই দাবী কৰা মতে প্ৰতিবাদকাৰীক ৰাবাৰৰ বুলেটহে মৰা হৈছিল যদিও কিশোৰীগৰাকীক চিকিৎসা কৰা চিকিৎসকে কিশোৰীগৰাকীৰ মূৰত সঁচা বুলেট পোৱা বুলিহে কৈছিল।

উল্লেখ্য ২০০৭ চনত ম্যানমাৰৰ বৌদ্ধ ভিক্ষুসকলৰ নেতৃত্বত সংগঠিত হোৱা গেৰুৱা বিপ্লৱৰ পিছত উক্ত দিনটোতে অভিলেখ সংখ্যক লোকে ৰাজপথলৈ ওলাই আহি সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে।

যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক শাসকে  ম্যানমাৰত বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল।