NORTHEAST NOW (Assamese)

অগপৰ নেতৃত্বক আগত ৰাখি হিমন্তৰ ঘোষণা : নিৰ্বাচনৰ পাছতেই অনা হ’ব নাগৰিকত্ব বিধেয়ক

March 15, 2019 4:34 pm · কল্পজ্যোতি শইকীয়া
অসম বিজেপিৰ কাৰ্য্যালয়ত অগপ-বিজেপিৰ নেতৃত্বৰ সংবাদমেল।

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি বিজেপিৰে মিত্ৰতা ছেদ কৰা অগপই যোৱা ১২ মাৰ্চত পুনৰ মিত্ৰতালৈ ঘূৰি অহাৰ পাছতে আজি দুয়োটা দলৰ নেতৃত্বই হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত যৌথ সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দুয়োটা দলৰ নেতৃত্বই কংগ্ৰেছক প্ৰতিহত কৰাৰ সংকল্প প্ৰকাশ কৰে। অগপৰ সভাপতি অতুল বৰাই বিজেপিৰে মিত্ৰতাক ৰামধেনুৰ সৈতে তুলনা কৰে। বৰাই আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীলৈ বিজেপি বা অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

ইপিনে বিজেপিৰ মন্ত্ৰী হিমন্তই লোকসভা নিৰ্বাচনৰ পাছত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ’ব বুলি অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ আগতে সদম্ভে ঘোষণা কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি পূৰ্বতে সততে কৈ অহা অগপ নেতৃত্বই তলমূৰ কৰি শুনি গ’ল হিমন্তৰ এই ঘোষণা।

“নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ অনা হ’ব। বিজেপি দল এই স্থিতিত দৃঢ় আৰু অটল“, স্পষ্ট ভাষাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

ইয়াৰোপৰি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো বিধেয়কৰ প্ৰসংগ উল্লেখ থাকিব বুলি সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰীজনে।

তাৎপৰ্য্যপূৰ্ণভাৱে অগপ আৰু বিজেপিৰ ঐকমত্যত এই বিল পুনৰ অনা হ’ব বুলি অতুল বৰা আৰু কেশৱ মহন্তৰ মুখৰ আগতে ঘোষণা কৰে যদিও নিশ্চুপ হৈ ৰয় অগপৰ মন্ত্ৰী দুজন।

“দুয়োটা দলে আলোচনাৰ মাধ্যমেৰে ঐকমত্যত উপনীত হৈ অনা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক। অগপ নিজৰ স্থিতিত আছে, বিজেপি নিজৰ স্থিতিত আছে। লোকসভা নিৰ্বাচনৰ পাছতে অগপৰ সৈতে আলোচনাত মিলিত হ’ব অমিত শ্বাহ আৰু বিজেপিৰ উচ্চ পৰ্য্যায়ৰ নেতৃত্ব। উভয় পক্ষৰ বুজাপৰাৰ মাজেৰে বিলখন অনা হব।“ সংবাদমেলত হিমন্ত বিশ্বই কয়।

ইপিনে, দুয়োটা দলে নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত কোনোধৰণৰ আলোচনা নকৰে বুলিও মন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে।

তেওঁ কয়, “নিৰ্বাচনৰ প্ৰাকমুহূৰ্তৰ পৰিৱেশত বিধেয়ক সন্দৰ্ভত একো কথা আলোচনা নকৰো। এনে কথাই আমাৰ মাজত থকা মতপাৰ্থক্যগত অমিল ৰাইজৰ মাজত লৈ যাব। নিৰ্বাচনৰ পূৰ্বে আমি আমাৰ মাজত থকা একতাখিনিহে ৰাইজৰ মাজলৈ লৈ যাম।“

তদুপৰি দুয়োটা দলৰে point of unity নৰেন্দ্ৰ মোদী দ্বিতীয় বাৰৰ বাবে প্ৰধান মন্ত্ৰী হ’ব লাগে বুলি সংবাদমেলত হিমন্ত বিশ্বই কয়।

যৌথ সংবাদমেলৰ পূৰ্বে অসম বিজেপিৰ কাৰ্য্যালয়ত অগপ-বিজেপিৰ নেতৃত্ব। ১৫ মাৰ্চত।

উল্লেখযোগ্য যে অগপক তেওঁলোকৰ বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতিৰ পৰা আঁতৰি আহিবলৈ কোৱা নাই বুলি সংবাদমেলত দাবী কৰিলেও কিছুদিন পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ভাষ্য আছিল যে নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন জনাম বুলি অগপই ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক লিখিত প্ৰতিশ্ৰুতি দিলেহে তেওঁলোকৰ লগত মিত্ৰতা কৰিব।

তেনে পৰিপ্ৰেক্ষিতত আজি অগপৰ দুগৰাকী মূল নেতৃত্বৰ সন্মুখতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধেয়ক গৃহীত কৰাৰ হুংকাৰ আৰু ৰঞ্জিত দাসৰ পূৰ্বৰ স্থিতি দুয়োটাই বিশেষ তাৎপয্য বহন কৰিছে।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্বই জানিবলৈ দিয়ে যে কাইলৈ দিল্লীত অগপৰ নেতৃত্ব আৰু অমিত শ্বাহৰ মাজত আলোচনা হ’ব। ইয়াত দুয়োটা দলৰ মাজত আগন্তুক লোকসভা নিৰ্বাচনত আসন ভাগ-বাটোৱাৰা আৰু কোনবোৰ আসন কোনটো দলে পাব সেই সন্দৰ্ভত আলোচনা হ’ব।

Related News