মহা বিপদত অগপ; কেব বিৰোধীয়ে ভাঙিলে আন এটা কাৰ্যালয়

AGP-leadership-singing-Bihu-during-a-press-conference-at-AGP-headquarter-in-Guwahati-on-April-12

ফাইল ফটো

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক আওপকীয়াকৈ সমৰ্থন জনোৱা তথা অসম আন্দোলন আৰু অসম চুক্তিক সমালোচনা কৰি এতিয়া মহা বিপাঙত পৰিছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব।

আঞ্চলিক দলটোৰ সভাপতি অতুল বৰাই কৰা এনে মন্তব্যৰ পিছতে দলটোৰ কেইবা গৰাকীও শীৰ্ষ নেতাই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা।

মঙলবাৰে কেব বিৰেধী প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড়ত অগপৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ পিছত আজি পুনৰ একে কাৰ্য সংঘটিত হয় উত্তৰ লখিমপুৰত।

জানিব পৰা মতে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে অগপৰ কাৰ্যালয়তো ঘেৰাও কৰি অসম বিৰোধী কাৰ্যত লিপ্ত হোৱা অগপৰ নেতৃত্বক গ’ বেক ধ্বনি দিয়ে।

ইফালে কেন্দ্ৰীয় নেতৃত্বৰ স্থিতিত ক্ষুব্ধ তিনিচুকীয়া জিলাৰ তৃণমূল কৰ্মীয়ে শদিয়াস্থিত অগপৰ কাৰ্যালয়টো ভাঙি লণ্ড ভণ্ড কৰে।

উজনি অসমৰ দৰে মধ্য অসমৰ মৰিগাঁৱতো কেবক লৈ দুটা ভাগত বিভক্ত হোৱা অসম গণ পৰিষদৰ কৰ্মীসকলৰ মাজত বাক বিতণ্ডা হোৱা দেখা যায়।

একাংশ কেব বিৰোধী কৰ্মীয়ে অতুল বৰা মুৰ্দাবাদ ধ্বনি দিয়াৰ সময়তে একাংশ অতুল বৰা সমৰ্থকে প্ৰতিবাদকাৰী সকলক দমন কৰিবলৈ চেষ্টা কৰে।

ইফালে চতিয়া বিধানসভা সমষ্টিৰ অগপ সমিতিয়ে সভাপতি অতুল বৰাক দলৰ পৰা বহিস্কাৰৰ দাবী উত্থাপন কৰে। তদুপৰি অতি শীঘ্ৰে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব পদ এৰি বিজেপি চৰকাৰৰ পৰা ওলাই আহিবলৈ দাবী জনায়।

উল্লেখ্য যে আঞ্চলিক দলটোৰ সভাপতিকে ধৰি কেইবাজনো শীৰ্ষ নেতাই কেবৰ পক্ষে অৱস্থান লোৱাৰ বিপৰীতে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।