অগপৰ তিনি সমষ্টিৰ ফলাফলক লৈ প্ৰফুল্ল কুমাৰ মহন্তৰ “অশুভ” ভৱিষ্যদ্বাণী

Prafulla Kumar Mahanta PMT (1)

বিজেপিৰ সৈতে মিত্ৰতাত আবদ্ধ হৈ অসম গণ পৰিষদে মাত্ৰ তিনিটা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব যদিও এই তিনিটা সমষ্টিতো দলটোৰ ফলাফলক লৈ সন্দিহান শীৰ্ষনেতা। তিনিওটা সমষ্টিতেই আঞ্চলিক দলটোৰ হতাশাজনক ফলৰ ইংগিত দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই।

“এই সমষ্টি তিনিটাৰ ফলাফলক লৈ ক’ব পৰা নাযাব। ইয়াৰ ছবিখন স্পষ্ট নহয়। যথেষ্ট প্ৰত্যাহ্বান আছে”, নৰ্থ-ইষ্ট নাওৰ আগত এই অশুভ ভৱিষ্যদ্বাণী প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ।

উল্লেখযোগ্য যে গেৰুৱা দলৰ সৈতে মিত্ৰতা কৰি অগপই প্ৰতিদ্বন্দ্বিতাৰ বাবে লাভ কৰিছিল বৰপেটা, ধুবুৰী আৰু কলিয়াবৰ সমষ্টি। কিন্তু এই তিনিওটা সমষ্টিত আঞ্চলিক দলটোৰ স্থিতিক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাজনৈতিক মহলত।

বিশেষকৈ পূৰ্বৰ ফলাফলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে বৰপেটা আৰু ধুবুৰী সমষ্টিত অগপৰ ভেটি শক্তিশালী নহয়। ১৯৫১ চনৰ পৰা ধুবুৰী সমষ্টিত দলটোৱে এবাৰো জয়ী হোৱা নাই। ইয়াৰ বিপৰীতে বৰপেটা সমষ্টিত মাত্ৰ ১৯৮৫ চনত জয়ী হৈছিল অগপৰ প্ৰাৰ্থী।

একেদৰে কলিয়াবৰ সমষ্টিত অগপ কিছু পৰিমাণে শক্তিশালী যদিও প্ৰত্যাহ্বান যথেষ্ট আছে। কাৰণ এই সমষ্টিটো কেইবা দশক ধৰি কংগ্ৰেছৰ দুৰ্গ স্বৰূপ হৈ আছে।

এনে প্ৰেক্ষাপটতত তিনিওটা সমষ্টিতে অগপৰ জয়ৰ সম্ভাৱনা কিমান, সেয়া সময়েহে ক’ব।

ইপিনে, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এইবাৰ কোনো প্ৰাৰ্থীৰ হৈয়ে প্ৰচাৰ নচলোৱাৰ কথা পূৰ্বেই ঘোষণা কৰিছিল। সেই অনুসৰি আজি কলিয়াবৰত অগপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহা অমিত শ্বাহৰ সভাতো উপস্থিত থকা নাই প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সংগ ত্যাগ কৰা অগপই পুনৰ গেৰুৱা দলটোৰ লগত মিত্ৰতাৰ বান্ধোনলৈ ঘূৰি যোৱা কাৰ্যক এতিয়াও সহজভাৱে লোৱা নাই মহন্তই। তেওঁ বিধেয়কখনক অসমৰ বাবে ‘অতি ক্ষতিকাৰক’ আখ্যা দি ইয়াৰ বিৰোধিতা কৰি যাবলৈও ৰাইজক আহ্বান জনায়।

মিত্ৰতাৰ সিদ্ধান্ত লোৱা সতীৰ্থসকলৰ সৈতে মহন্তৰ এই মতপাৰ্থক্য আৰু বিদ্ৰোহী স্থিতি সাম্প্ৰতিক ৰাজনৈতিক মহলৰ চৰ্চাৰ বিষয় হৈ আহিছে। মহন্তৰ এই স্থিতিয়ে অগপৰ সতীৰ্থ নেতৃত্বৰ ৰাজনৈতিক অংকত প্ৰশ্নবোধক চিন আনি দিছে। লগতে দলটোৰ প্ৰাৰ্থীকেইজনকো হতাশ কৰিব পাৰে মহন্তৰ স্থিতিয়ে।