অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ বিজেপিত যোগদান

সমাজৰ বিভিন্ন স্তৰৰ প্ৰায় ২০ গৰাকী মহিলাৰ গেৰুৱা দলত যোগদান

কেইবাজনো কংগ্ৰেছ নেতাই বিজেপিৰ মজিয়াত ৰাজনৈতিক আশ্ৰয় লোৱাৰ পিছত আজি ৰাজ্যৰ প্ৰধান আঞ্চলিক দল তথা বিজেপিৰ মিত্ৰ অগপৰ এগৰাকী উল্লেখযোগ্য নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে গেৰুৱা দলটোত যোগদান কৰিছে।

হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত দাস বড়োৱে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

ৰেখাৰাণী দাস বড়ো এগৰাকী বলিষ্ঠ কণ্ঠৰ আঞ্চলিকতাবাদী নেত্ৰী আছিল আৰু তেওঁ নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনত সন্মুখত থাকি ভূমিকা লৈছিল। অসম আন্দোলনৰো অন্যতম নেত্ৰী আছিল ৰেখাৰাণী।

আজি ৰেখাৰাণী দাস বড়োৰ লগতে অধিবক্তাকে ধৰি সমাজৰ ভিন্ন স্তৰৰ প্ৰায় ২০ গৰাকী মহিলাই বিজেপিত যোগদান কৰে। তেওঁলোক ভিতৰত আছে- গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা নীলিমা ভাগৱতী, জ্যেষ্ঠ অধিবক্তা নিৰুপমা কলিতা, উদ্যোগী মহিলা দীপালী বৰ্মন, কল্পনা তালুকদাৰ ডেকা, সমাজ সেৱিকা পদ্মা কলিতা আৰু ৰূপালী দাস, অধিবক্তা মেঘমল্লা শৰ্মা, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত আৰতি কলিতা, সমাজ সেৱিকা প্ৰণতি শৰ্মা, অধিবক্তা অৰুন্ধতী বৰা আৰু ৰূপা শইকীয়া আদি।

“মোদীৰ নীতি-আদৰ্শত অনুপ্ৰাণিত হৈ বিজেপিত যোগদান কৰিছো। মোদীৰ সহসিকতাপূৰ্ণ আৰু দৃষ্টান্তপূৰ্ণ সিদ্ধান্তবোৰে ভাৰতৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিছে”, বিজেপিত যোগদান কৰাৰ পাছতে নৰ্থ-ইষ্ট নাওৰ আগত ৰেখাৰাণী দাস বড়োৰ মন্তব্য।

পূৰ্বে বিজেপিয়ে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছিল, এই কথাটো সোঁৱৰাই দিয়াত তেওঁ কয়, “কেবৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে আলোচনা আৰু বিশ্বাসযোগ্যতাৰ মাধ্যমেৰে মীমাংসা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।”