অসম গণ পৰিষদৰ নেতৃত্বই অসম চুক্তিৰে ১ কোটি অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিছিল : হিমন্ত

“ৰাজপথত চিঞৰি অগপ নেতাৰ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই”

Himanta biswa sarma

হিমন্ত বিশ্ব শৰ্মা| ফাইল ছবি।

“অন্য জাতীয় দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও অসম গণ পৰিষদৰ ৰাজপথত চিঞৰি বিধেয়কৰ বিৰোধিতা কৰাৰ  নৈতিক অধিকাৰ নাই।” অগপৰ নেতৃত্বক কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ৰ এখন সংবাদমেলত এই মন্তব্য বিজেপিৰ প্ৰভাৱশালী নেতা তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসম গণ পৰিষদে মিত্ৰজোঁটত থাকিও ৰাজপথত আন্দোলন প্ৰতিবাদ কৰাৰ উপৰি দিল্লীলৈ গৈ এই বিধেয়ক গৃহীত নকৰিবৰ বাবে যুটীয়া সংসদীয় কমিটী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক আহ্বান জনাই স্মাৰক পত্ৰ দিছিল।

এই কথাতে অসন্তুষ্টি প্ৰকাশ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি পূৰ্ণ সমৰ্থন থকা মন্ত্ৰী ড০ শৰ্মাই আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত অগপ দলক উদ্দেশ্যি বহু কটাক্ষ কৰে।

তেওঁৰ মতে, “গণ পৰিষদৰ কাৰ্য্যকালত জনস্বাৰ্থ বিৰোধী বহু কাম হৈছিল। যাৰ বাবে অগপৰ নেতৃত্বই ৰাজহুৱাভাৱে ক্ষমাও খুজিছিল।”

ইয়াৰোপৰি উক্ত সংবাদমেলতে তেওঁ অগপৰ নেতৃবৃন্দক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সংগ্ৰাম কৰাৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে। তেওঁ কয়, “অগপ দলৰ নেতৃত্বৰ প্ৰতি অনুৰোধ আপোনালোকে নাগৰিকত্ব বিধেয়কৰ কথা কোৱাৰ প্ৰয়োজন নাই। অসম গণ পৰিষদে যদি তেতিয়াই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিলেহেঁতেন তেন্তে জাতিটোৰ জনগাঁথনি এইধৰণে পৰিৱৰ্তন নহ’লহেঁতেন।”

আনহাতে, অগপয়ো নাগৰিকত্ব আইন সংশোধন কৰি অতীতত বহু বিদেশীৰ বোজা অসমত জাপি দিছিল বুলি শৰ্মাই উক্ত সংবাদমেলত দাবী কৰে।

“১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা ১ কোটি অনুপ্ৰবেশকাৰীক নাগৰিকত্ব দিয়া হৈছিল সেই সময়ত অসম গণ পৰিষদ দলৰ নেতৃত্বই স্বাক্ষৰ কৰা অসম চুক্তিৰ কাৰণে।” শৰ্মাই এইদৰে কয়।

হাস্যকৰভাৱে ৰঞ্জিত দাসে ৮৫৫গৰাকী চহিদৰ সলনি ৮৬০গৰাকী বুলি কিছুদিন পূৰ্বে দাবী কৰাৰ বিপৰীতে এখোপ ওপৰলৈ গৈ বহুবল্কী মন্ত্ৰীজনে অসম আন্দোলনত ৯০০ চহিদে আত্ম বলিদান দিয়া বুলি বাৰম্বাৰ কয়।

তেওঁ কয় যে ১৯৫১ চনৰ ভিত্তিবৰ্ষৰ বাবে ৯০০ চহিদে অসম আন্দোলনত প্ৰাণ আহুতি দিলে।

ইয়াৰোপৰি তেওঁ কয়, “যদি ১৯৭১ চনটো গ্ৰহণ কৰিব লগীয়া আছিল, তেন্তে ১৯৭৯ চনত অসমৰ ৰাজ্যপাল এল পি সিং আৰু প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ প্ৰস্তাৱ দিছিল, তেতিয়াই অসম আন্দোলন কৰা অগপৰ নেতাসকলে সেই কথা মানি ল’ব লাগিছিল। কিন্তু ৯০০ চহিদে প্ৰাণ আহুতি দিয়াৰ পাছতহে সেই একে প্ৰস্তাৱ ১৯৮৫ চনত মানি ল’লে।‘

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ শাসনকালতেই প্ৰথম নাগৰিকত্ব আইনখন সংশোধন কৰা হৈছিল বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয়, “অসম চুক্তিৰ জৰিয়তে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰা হৈছিল।”

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰিব পৰা নাই বুলি বহুততে প্ৰচাৰ চলাইছে।

তদুপৰি, বিধেয়কখনক কেন্দ্ৰ কৰি বিভিন্ন সময়ত অসম গণ পৰিষদৰ নেতৃবৃন্দই ভাৰতীয় জনতা পাৰ্টীক প্ৰতক্ষ্য আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে বুলি উক্ত সংবাদমেলত সদৰী কৰি শৰ্মাই লগতে কয়, “অসম গণ পৰিষদৰ কেইগৰাকীমান বিধায়ক বিশেষকৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে কংগ্ৰেছ দলৰ সপক্ষে বা আওপকীয়াকৈ মিত্ৰতাৰ ইংগিত দিছে।”

এই সন্দৰ্ভত মন্ত্ৰী হিমন্তই কয়, ‘কংগ্ৰেছ আমাৰ উমৈহতীয়াশত্ৰু আৰু এআইয়ুডিএফ জাতীয় শত্ৰু।‘

ইয়াৰোপৰি অসমত কংগ্ৰেছ আৰু এ আই য়ুডি এফৰ উত্থান জাতীয় স্বাৰ্থৰ পৰিপন্থী বুলি দাবী কৰাৰ উপৰি অগপ আৰু বিজেপিয়ে মিলি কংগ্ৰেছ আৰু এ আই য়ু ডি এফক বিৰোধিতা কৰা উচিত বুলিও মন্তব্য কৰে।

আনহাতে, নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালৰ বক্তব্যক অসম গণ পৰিষদৰ নেতৃত্বই গৰিহণা দিব তথা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।