NORTHEAST NOW (Assamese)

সংবাদমেল দি অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা অগপৰ নেতৃত্বৰ; নতুন বছৰত খিলঞ্জীয়াৰ বাবে কাম কৰাৰ অংগিকাৰ

December 28, 2019 9:04 pm · অনিৰ্বাণ পাঠক

চৌদিশে CAA-বিৰোধী আন্দোলন চলি থকাৰ মাজতে কেৱল নতুন বছৰৰ শুভেচ্ছা জনাবলৈকে আজি আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত সংবাদমেল দিয়ে অগপৰ নেতৃত্বই।

হাস্যবদনে উপস্থিত থকা সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী প্ৰমুখ্যে নেতাসকলে আগন্তুক বছৰটো অসমবাসীৰ সুখ-সমৃদ্ধি আৰু বিকাশৰ বছৰ হোৱাৰ কামনা কৰে।

সাংবাদিকসকলকো ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনায় আঞ্চলিক দলটোৰ নেতাসকলে।

খিলঞ্জীয়াৰ কথা এতিয়াও পাহৰি নোযোৱা সভাপতি অতুল বৰাই কয়, “আগন্তুক দিনত অগপই খিলঞ্জীয়াৰ হৈ নতুন প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰে কাম কৰিব”।

ক’বলৈ নাপহৰিলে অসম আন্দোলন, ৮৫৫ চহিদ আৰু অসম চুক্তিৰ কথাও

লগতে তেওঁ আশা প্ৰকাশ কৰে, যে আগন্তুক দিনবোৰত ৰাইজ দলটোৰ কামকাজক সঠিকভাৱে হৃদয়ংগম কৰিবলৈ সক্ষম হ’ব।

ইংৰাজী নৱবৰ্ষক লৈ ব্যস্ত হোৱা অগপৰ নেতৃত্বই এবাৰো উল্লেখ নকৰিলে ৰাজ্যৰ উত্তপ্ত পৰিস্থিতিৰ কথা অথবা সৰ্বত্ৰে চলি থকা CAA-বিৰোধী আন্দোলনৰ কথা।

নাগৰিকত্ব (সংশোধন) আইন-বিৰোধী আন্দোলনৰ চহিদসকলক শ্ৰদ্ধা নিবেদন কৰিবলৈও সময় নাপালে খিলঞ্জীয়াৰ বাবে কাম কৰিবলৈ সংকল্প লোৱা নেতাসকলে।

Related News