DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জয়সাগৰৰ তলাতল ঘৰৰ পৰা গড়গাঁৱৰ কাৰেং ঘৰলৈ কা’ বিৰোধী বিশাল ‘জনজাগৰণ যাত্ৰা’

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 28, 2019 8:33 pm
265
VIEWS
Share on FacebookShare on Twitter

অসমৰ জণগনে কাহানিও নিবিচৰা নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে আজি শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ পৰা আহোম স্বৰ্গদেওৰ ৰাজধানী গড়গাঁৱলৈ আজি জনজাগৰণ যাত্ৰাৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে যৌথ সংগ্ৰামী মঞ্চই।

এই জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰি শিল্পী সূৰ্য দাসে গীতৰ মাধ্যমেৰে কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সকলো জাতি জনগোষ্ঠীক এই আইনৰ বিৰুদ্ধে আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনায়।

অসমৰ জাতি-জনগোষ্ঠী সমূহ ভাগ ভাগ হৈ থাকিলে শাসক পক্ষ শক্তিশালী হ’ব বুলি উল্লেখ কৰি তেওঁ উক্ত আইনৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদস্থলীত তেওঁ “মানুহ দেখিছো বহু মানুহ” গীতটোকে কেইবাটাও গীত পৰিৱেশন কৰে।

কেইবাশ জনতাই অংশগ্ৰহণ কৰা এই জনজাগৰণ যাত্ৰাৰ আঁত ধৰি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱজিৎ দত্তই কা’ বাতিলৰ দাবী জনাই অসমৰ চুকে-কোণে সিচঁৰিত হৈ থকা প্ৰতিগৰাকী লোকক জাতিৰ অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰামত অংশ ল’বলৈ আহ্বান জনায়।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সম্পাদক প্ৰণৱজ্যোতি সন্দিকৈয়ে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি ১৯৭১ চনৰ পিছত অহা কোনো ধৰ্মৰে বিদেশীক অসমত সংস্থাপিত কৰিবলৈ দিয়া নহ’ব বুলি কয়। আন্দোৰনটো মষিমূৰ কৰিবলৈ চৰকাৰে চলোৱা দমন-উৎপীড়নৰ নামত ‘জঘন্য’ আইন প্ৰয়োগ কৰি অখিল গগৈ, শৃংখল চলিহা, জীতেন দত্ত আৰু অমিতাভ শৰ্মাৰ দৰে জাতীয়তাবাদী যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

প্ৰতিবাদকাৰী সকলৰ মাজত কণ্ঠশিল্পী নীল আকাশ উপস্থিত হৈ এই সংগ্ৰামখন দীঘলীয়া হ’ব বুলি কয়। তেওঁ সংগ্ৰামী জনতাৰ মাজত সদায়ে  থাকিব বুলি মন্তব্য কৰি প্ৰতিবাদ স্থলীত তেওঁ জাতীয় সংগীত পৰিৱেশন কৰে।

আজিৰ জনজাগৰণ যাত্ৰাত কলিতা ছাত্ৰ সন্থাৰ যুগান্তৰ বৰদলৈ, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ বাবলু নেওগ, আহোম জাতীয় গণ মঞ্চৰ সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া, ঐক্য সেনাৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ মণিৰুল ইছলাম বড়াকে ধৰি বহুকেইটা সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd