• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঢাকাৰ দৰিদ্ৰ অঞ্চলক ‘নতুন দিল্লী’ বুলি দেখুৱাই লাইভ সম্প্ৰচাৰ! চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতক বদনাম কৰাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2026 5:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতক বদনাম কৰিবলৈ এইবাৰ নতুন কৌশল অৱলম্বন কৰিছে নেকি একাংশ চীনা নাগৰিকে? বাংলাদেশৰ ৰাজধানী ঢাকাৰ দৰিদ্ৰ বসতিপ্ৰধান অঞ্চলৰ ভিডিঅ’ সংগ্ৰহ কৰি সেইবোৰক ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ দৃশ্য বুলি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰায় ১৫০ গৰাকী চীনা নাগৰিকৰ বিৰুদ্ধে। চীনৰ বিভিন্ন সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ঢাকাৰ নিম্ন আয়ৰ লোকসকলৰ জীৱন-যাপন আৰু ঘৰৰ অৱস্থাক ভাৰতৰ ছবি হিচাপে উপস্থাপন কৰা হৈছে বুলি প্ৰকাশ পাইছে।

বাংলাদেশৰ সংবাদপত্ৰ প্ৰথম আলোৰ ৬ নৱেম্বৰত প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, চীনা নাগৰিকসকলে ঢাকাৰ উত্তৰা অঞ্চলৰ ১২ নম্বৰ ছেক্টৰ আৰু ইয়াৰ কাষৰীয়া টেকপাৰাৰ সৰু সৰু গলি, বজাৰ আৰু আৱাসিক অঞ্চলত ভিডিঅ’ সংগ্ৰহ কৰি আহিছে। তেওঁলোকে ৱেইচাট আৰু ডৌইনকে ধৰি চীনৰ সামাজিক মাধ্যমত সেই ভিডিঅ’সমূহ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি অঞ্চলসমূহক নতুন দিল্লীৰ অংশ বুলি চিনাকি দিছে।

Apply Now

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, মিয়ানমিয়ান নামৰ এগৰাকী চীনা মহিলাই ১ নৱেম্বৰত উত্তৰাৰ ১২ নম্বৰ ছেক্টৰৰ এটা খালৰ কাষৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিছিল। চীনৰ ছিচুৱান প্ৰদেশৰ বাসিন্দা বুলি পৰিচয় দিয়া মহিলাগৰাকীয়ে সেই অঞ্চলটোক নতুন দিল্লী বুলি উল্লেখ কৰাৰ লগতে স্থানীয় লোকসকলৰ ঘৰ-দুৱাৰৰ অৱস্থাক অপৰিষ্কাৰ, অনুন্নত আৰু অস্বাস্থ্যকৰ বুলি বৰ্ণনা কৰিছিল। আনকি অঞ্চলটোৰ আইন-শৃংখলাজনিত পৰিস্থিতিক লৈও অপমানজনক মন্তব্য কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

কেৱল সেয়াই নহয়, ৱাং ৱেই নামৰ আন এজন চীনা নাগৰিকে টেকপাৰাৰ পথৰ দাঁতিৰ চাহৰ দোকানত ভিডিঅ’ সংগ্ৰহ কৰি স্থানীয় লোকসকলে খোৱা চাহক লৈও আপত্তিজনক মন্তব্য কৰিছিল। তেওঁৰ দাবী অনুসৰি, সেই চাহ গৰুৰ প্ৰস্ৰাৱ আৰু লেতেৰা নদীৰ পানীৰে প্ৰস্তুত কৰা হয়। এইদৰে বাংলাদেশৰ এখন দৰিদ্ৰ অঞ্চলৰ দৃশ্য ভাৰতৰ বুলি দেখুৱাই দেশখনৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে প্ৰথম আলোই চীনা ভাষাত কৰা পোনপটীয়া সম্প্ৰচাৰৰ কিছু অংশ গুগল ট্ৰান্সলেটৰ সহায়ত অনুবাদ কৰাৰ পাছত চীনা ভাষাৰ জ্ঞান থকা বাংলাদেশৰ চাৰিগৰাকী ব্যক্তিৰ জৰিয়তে সেই অনুবাদৰ সত্যতা পৰীক্ষা কৰিছিল।

ইফালে, স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি, ভিডিঅ’ সংগ্ৰহৰ নামত একাংশ চীনা নাগৰিকে অনুমতি অবিহনেই মানুহৰ ঘৰত প্ৰৱেশ কৰি ভিডিঅ’ নিৰ্মাণ কৰিছে। আনকি ঘৰৰ ভিতৰৰ ব্যক্তিগত স্থান আৰু শৌচাগাৰতো কেমেৰা লৈ প্ৰৱেশ কৰাৰ অভিযোগ উঠিছে। ইয়াক লৈ স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

এই কাৰ্যকলাপৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই। ফাংয়ৌ নামৰ এজন চীনা নাগৰিকে প্ৰথম আলোৰ আগত এই সম্প্ৰচাৰসমূহ সামগ্ৰী প্ৰচাৰৰ সৈতে জড়িত বুলি দাবী কৰিছিল। অৱশ্যে, কিয় ঢাকাৰ এনে দৰিদ্ৰ অঞ্চলসমূহ বাছি লোৱা হৈছে, সেই সন্দৰ্ভত তেওঁ কোনো স্পষ্ট উত্তৰ দিয়া নাই।

প্ৰতিবেদনখনে এই ঘটনাক লৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে—ঢাকাৰ বাস্তৱ দৃশ্যক নতুন দিল্লীৰ বুলি দেখুৱাই চীনৰ দৰ্শকৰ মাজত ভাৰতৰ বিষয়ে নেতিবাচক ধাৰণা সৃষ্টি কৰাৰ চেষ্টা চলিছে নেকি? অৱশ্যে, ইয়াৰ আঁৰত কোনো সংগঠিত অপপ্ৰচাৰ অভিযান আছে বুলি প্ৰমাণিত হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

November 9, 2026 5:58 pm
ঢাকাৰ দৰিদ্ৰ অঞ্চলক ‘নতুন দিল্লী’ বুলি দেখুৱাই লাইভ সম্প্ৰচাৰ! চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতক বদনাম কৰাৰ অভিযোগ

ঢাকাৰ দৰিদ্ৰ অঞ্চলক ‘নতুন দিল্লী’ বুলি দেখুৱাই লাইভ সম্প্ৰচাৰ! চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতক বদনাম কৰাৰ অভিযোগ

November 9, 2026 5:57 pm
হঠাতে কিয় বাংলাদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত ল’লে শ্বেখ হাছিনাই? ডিচেম্বৰত কি ঘটিব ঢাকাত?

হঠাতে কিয় বাংলাদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত ল’লে শ্বেখ হাছিনাই? ডিচেম্বৰত কি ঘটিব ঢাকাত?

November 9, 2026 5:19 pm
দীপাৱলিৰ আনন্দৰ মাজতে দেশজুৰি ভয়ংকৰ অগ্নিকাণ্ড! দিল্লীত আতচবাজীৰ বিস্ফোৰণত শিশুৰ মৃত্যু, মধ্যপ্ৰদেশত একে পৰিয়ালৰ ১২জনৰ প্ৰাণহানি

দীপাৱলিৰ আনন্দৰ মাজতে দেশজুৰি ভয়ংকৰ অগ্নিকাণ্ড! দিল্লীত আতচবাজীৰ বিস্ফোৰণত শিশুৰ মৃত্যু, মধ্যপ্ৰদেশত একে পৰিয়ালৰ ১২জনৰ প্ৰাণহানি

November 9, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

November 9, 2026 5:58 pm
ঢাকাৰ দৰিদ্ৰ অঞ্চলক ‘নতুন দিল্লী’ বুলি দেখুৱাই লাইভ সম্প্ৰচাৰ! চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতক বদনাম কৰাৰ অভিযোগ

ঢাকাৰ দৰিদ্ৰ অঞ্চলক ‘নতুন দিল্লী’ বুলি দেখুৱাই লাইভ সম্প্ৰচাৰ! চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতক বদনাম কৰাৰ অভিযোগ

November 9, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd