পোহৰৰ উৎসৱ দীপাৱলিৰ আনন্দৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত নামিল শোকৰ ছাঁ। ক’ৰবাত আতচবাজিৰ জুইত প্ৰাণ গ’ল শিশুৰ, আন ক’ৰবাত অগ্নিকাণ্ডত একেটা পৰিয়ালৰে একাধিক সদস্যৰ মৃত্যু হ’ল। দোকান, বজাৰ, বহুমহলীয়া অট্টালিকাৰ পৰা কাৰখানালৈকে দীপাৱলী আৰু কালীপূজাৰ নিশা সংঘটিত হ’ল কেইবাটাও অগ্নিকাণ্ড। দিল্লী, মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, জম্মু, ছিকিমৰ লগতে পশ্চিমবংগৰ বিভিন্ন স্থানৰ পৰা আহিছে এনে ঘটনাৰ খবৰ। প্ৰাথমিক তদন্তত কেইবাটাও স্থানত আতচবাজিৰ স্ফুলিংগৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও আন কিছুমান ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
দিল্লীত দেওবাৰে নিশা প্ৰায় ৯ বাজি ৪৫ মিনিটত ঘৰৰ সন্মুখত আতচবাজি ফুটাই আছিল ১০ বছৰীয়া এটি শিশুৱে। আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, শিশুটিৰ হাতত থকা ‘আনাৰ’ ধৰণৰ আতচবাজিটো বিস্ফোৰণ ঘটাত বুকুত আঘাত লাগে। ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ। নিশা প্ৰায় ১০ বাজি ৪৫ মিনিটত হাস্পতালৰ পৰা আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত খবৰ লাভ কৰে। শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কেনেদৰে বিস্ফোৰণটো ঘটিল, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনহাতে, দিল্লীৰ এইমছত আতচবাজিৰ ফলত দগ্ধ হোৱা ৪২জন লোকৰ চিকিৎসা চলি আছে। ইয়াৰে ১১জনৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।
মধ্যপ্ৰদেশৰ কাটনি জিলাৰ বৰহি চহৰত তিনিমহলীয়া এটা অট্টালিকাৰ তলৰ মহলাত থকা বাচন-বৰ্তনৰ দোকানখনত জুই লাগে। সেই সময়ত ওপৰৰ মহলাত শুই আছিল পৰিয়ালৰ সদস্যসকল। জুই আৰু ধোঁৱাৰ মাজত আৱদ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় একেটা পৰিয়ালৰ ছজন সদস্যই। মৃতসকলৰ ভিতৰত আছিল দুমহীয়া এটি কেঁচুৱা আৰু ছবছৰীয়া এগৰাকী কন্যাশিশু। আনহাতে, ছেওনি জিলাৰ ছাপাৰা চহৰৰ আন এটা ঘৰত সংঘটিত অগ্নিকাণ্ডতো ছজন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এজন নাবালকো আছে। দুয়োটা অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই দুটা ঘটনাতে মধ্যপ্ৰদেশত মুঠ ১২জন লোকে প্ৰাণ হেৰুৱালে।
ৰাজস্থানৰ পালি জিলাৰ ফালনা চহৰত আতচবাজিৰ দোকানত জুই লাগি দুজন লোকৰ মৃত্যু হয়। অগ্নিকাণ্ডত তিনিখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। একে সময়তে সন্ধানহীন হৈ থকা আন তিনিজন লোকৰ সন্ধানত অভিযান চলাইছে উদ্ধাৰকাৰী দলে। আনহাতে, মহাৰাষ্ট্ৰৰ পুনেত লক্ষ্মীপূজাৰ নিশা ৬৩টাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অৱশ্যে এই ঘটনাসমূহত কোনো লোক হতাহত হোৱা নাই। নাগপুৰত আতচবাজিৰ পৰা এখন মটৰচাইকেলৰ প্ৰদৰ্শনী বিপণীত জুই লাগে। জম্মুৰ নেহৰু বজাৰত অগ্নিকাণ্ডত কমেও ১২খন দোকান জুইত জাহ যায়। ছিকিমৰ গেংটকতো কালীপূজাৰ নিশা চৰকাৰী আৱাসিক ভৱনত জুই লাগে। ইফালে, তামিলনাডুত আতচবাজিৰ জুইত দগ্ধ হৈ এটি শিশুৰ মৃত্যু হয়। ৰাজ্যখনত মুঠ ২৬৯জন লোক চিকিৎসাৰ বাবে হাস্পতাললৈ যাবলগীয়া হয়।
পশ্চিমবংগতো দীপাৱলী আৰু কালীপূজাৰ নিশা কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। হাওৰাৰ লিলুৱাৰ পঞ্চাননতলা বজাৰত এখন খাদ্যৰ দোকানৰ পৰা জুই বিয়পি পৰি পাঁচখন দোকান ভস্মীভূত হয়। দুৰ্গাপুৰত এখন সজাসজ্জাৰ প্ৰতিষ্ঠানৰ সকলো সামগ্ৰী জুইত নষ্ট হয়। দুয়োটা স্থানতে পুৱতি নিশাৰ ভাগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে। অৱশ্যে কোনো লোকৰ মৃত্যু বা আহত হোৱাৰ খবৰ পোৱা হোৱা নাই। দক্ষিণ ২৪ পৰগনাৰ গংগাসাগৰত কালীগিৰি মন্দিৰৰ ওচৰত তিনিখন দোকান জুইত জাহ যায়। এখন দোকানত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটা বুলিও জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত বিদ্যুৎৰ বিজুতিৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে। কলকাতাৰ বেলেঘাটাতো কালীপূজাৰ নিশা অগ্নিকাণ্ডৰ ঘটনা ঘটে। আতচবাজিৰ পৰাই জুই বিয়পি পৰা বুলি সন্দেহ কৰা হৈছে যদিও ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
পোহৰৰ উৎসৱত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত এই ধাৰাবাহিক অগ্নিকাণ্ড আৰু মৃত্যুৰ ঘটনাই আতচবাজিৰ ব্যৱহাৰৰ সুৰক্ষা ব্যৱস্থা তথা জৰুৰীকালীন অগ্নিনিৰ্বাপণ প্ৰস্তুতিক লৈ পুনৰ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। উৎসৱৰ আনন্দ যাতে কাৰো বাবে মৃত্যুৰ কাৰণ হৈ নপৰে, তাৰ বাবে আতচবাজি ব্যৱহাৰত সাৱধানতা অৱলম্বন কৰাৰ লগতে অগ্নিনিৰ্বাপণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা পুনৰ স্পষ্ট হৈ পৰিছে।





