• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুলৈ পঠিওৱা অসমৰ হাতীৰ মালিক আচলতে কোন? ভুৱা ঠিকনাৰে চলিছে নেকি বৃহৎ ছিণ্ডিকেট?

যোৱা ছেপ্টেম্বৰ মাহত অসমৰ পৰা তামিলনাডুৰ বিভিন্ন মঠ-মন্দিৰলৈ ৫টা বন্দী হাতী স্থানান্তৰ কৰা কাৰ্যই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। হাতীকেইটাৰ প্ৰকৃত মালিকীস্বত্ব, জিনীয় বা ডি এন এ প্ৰমাণপত্ৰৰ বিশ্বাসযোগ্যতা আৰু আনুষ্ঠানিক নথিপত্ৰৰ বিসংগতিয়ে এই সমগ্ৰ প্ৰক্ৰিয়াটোত অবৈধ সৰবৰাহৰ সন্দেহ ঘনীভূত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2026 4:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূল প্ৰতিবেদেন – মহেশ ডেকা

যোৱা ছেপ্টেম্বৰ মাহত অসমৰ পৰা তামিলনাডুৰ বিভিন্ন মঠ-মন্দিৰলৈ দুৰ্গা, হীৰালাল, শিৱ, ৰূপসিং আৰু বিজুলী নামৰ পাঁচটা বন্দী হাতী স্থানান্তৰ কৰা কাৰ্যই এতিয়া এক বৃহৎ বিতৰ্কৰ ৰূপ লৈছে। প্ৰথমতে এই হাতীকেইটা ধৰ্মীয় কাৰণত দান কৰা বুলি দাবী কৰা হৈছিল যদিও, শেহতীয়াকৈ ইয়াৰ প্ৰকৃত মালিকীস্বত্ব, ডি এন এ প্ৰতিবেদনৰ বিশ্বাসযোগ্যতা আৰু চৰকাৰী নথিপত্ৰৰ কেতবোৰ ভয়ংকৰ বিসংগতি পোহৰলৈ আহিছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত প্ৰাপ্ত ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ জিনীয় প্ৰতিবেদন আৰু ‘নৰ্থইষ্ট নাও’ৰ কাৰ্যবাহী সম্পাদক মহেশ ডেকাৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত ফাদিল হোৱা তথ্যই সমগ্ৰ প্ৰক্ৰিয়াটোকেই সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে। এই বিসংগতি পোহৰলৈ অহাৰ পাছতে এতিয়া এটা গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে হাতীকেইটা সঁচাকৈয়ে দান কৰা হৈছিল, নে ধনৰ বিনিময়ত অবৈধভাৱে সৰবৰাহ কৰা হৈছিল?

Apply Now

 

‘বিজুলী’ নামৰ ৫ বছৰীয়া মাইকী হাতীজনীৰ মালিকীস্বত্বক লৈ এই বিতৰ্ক অধিক ঘনীভূত হৈ পৰিছে। বন বিভাগৰ নথিপত্ৰ অনুসৰি তাইৰ গৰাকী তিনিচুকীয়া জিলাৰ পেঙেৰীৰ তৰাণি গাঁৱৰ হিতেশ্বৰ মৰাণ। পিছে ‘নৰ্থইষ্ট নাও’ৰ ক্ষেত্ৰভিত্তিক অনুসন্ধানত পোহৰলৈ আহে যে সেই গাঁৱত হিতেশ্বৰ মৰাণ নামৰ কোনো লোকৰ অস্তিত্বই নাই। গাঁৱৰ ৰাইজৰ এই ভাষ্যৰ পাছতে এতিয়া প্ৰশ্ন উঠিছে যে, তামিলনাডুলৈ নিয়াৰ পূৰ্বে বিজুলী কাৰ জিম্মাত আছিল আৰু কিহৰ ভিত্তিত তাইৰ এই ভুৱা মালিকীস্বত্ব প্ৰস্তুত কৰা হৈছিল?

 

আনহাতে, অসমৰ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে আৰ টি আইৰ জৰিয়তে লাভ কৰা ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ডি এন এ প্ৰতিবেদনতো আন এক বিসংগতি পোহৰলৈ আহিছে। ডব্লিউ আই আই-য়ে এই হাতীকেইটাক আন হাতীৰ সৈতে জিনীয়ভাৱে “সম্পৰ্কীয়” বুলি উল্লেখ কৰিছে যদিও, ইয়াৰ জৰিয়তে মাতৃ-সন্তানৰ সম্পৰ্ক নিশ্চিত হোৱা নাই। জীৱ-জন্তুৰ অধিকাৰ কৰ্মী আৰু পিপল ফৰ কেট্ল ইন ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক অৰুণ প্ৰসন্ন জি-য়ে এই প্ৰতিবেদনৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, কেৱল ‘সম্পৰ্কীয়’ বুলি ক’লেই এজনী হাতী আনটোৰ মাতৃ বুলি প্ৰমাণিত নহয়; সেয়া পেহী, আইতাক বা সহোদৰো হ’ব পাৰে। আনকি, ৰূপসিং নামৰ হাতীটোৰ ক্ষেত্ৰত কোনো আত্মীয়ৰ নাম উল্লেখ কৰা হোৱা নাই আৰু তাৰ একমাত্ৰ নথিপত্ৰ হিচাপে ২০১৯ চনৰ এখন পৰিদৰ্শন প্ৰতিবেদনহে আছে, কোনো মালিকীস্বত্বৰ প্ৰমাণপত্ৰ নাই।

 

ইয়াৰ উপৰি, হাতীকেইটাৰ বয়স আৰু মালিকীস্বত্বৰ নথিপত্ৰক লৈও চৰকাৰী বিভাগসমূহৰ মাজত বৃহৎ বিসংগতি পোহৰলৈ আহিছে। উদাহৰণস্বৰূপে, ৰূপসিং নামৰ হাতীটোৰ বয়স আগষ্ট মাহৰ নথিপত্ৰত ১৫ বছৰ আৰু মাত্ৰ এমাহ পাছতে অৰ্থাৎ ছেপ্টেম্বৰৰ নথিপত্ৰত ১৩ বছৰ বুলি উল্লেখ কৰা হৈছে। তামিলনাডুৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰূপসিঙক আচলতে অসমৰ পৰা ধনৰ বিনিময়ত ক্ৰয় কৰা হৈছিল আৰু পাছত তাৰ নাম সলনি কৰি ‘মুথাইয়া’ ৰখা হৈছিল। এই খবৰে সমগ্ৰ প্ৰক্ৰিয়াটোক চৰকাৰীভাৱে ‘দান’ বুলি কৰা দাবীক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। আনহাতে, ‘দ্য নিউজ মিনিট’ৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে তামিলনাডুৰ সেৱা ট্ৰাষ্টৰ অনুৰাধা সুব্ৰমণিয়ামে মন্দিৰৰ বাবে হাতী বিচাৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল।

 

উল্লেখ্য যে, বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ ৪৩ নং ধাৰা অনুসৰি মালিকীস্বত্বৰ প্ৰমাণপত্ৰ থকা কোনো বন্যপ্ৰাণীক বাণিজ্যিক স্বাৰ্থত বিক্ৰী কৰিব নোৱাৰি; ইয়াক কেৱল উপহাৰ বা দান হিচাপেহে হস্তান্তৰ কৰিব পাৰি। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত পোহৰলৈ অহা সন্দেহজনক বিসংগতিসমূহে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ নথিপত্ৰ আৰু প্ৰমাণীকৰণ ব্যৱস্থাৰ সুৰুঙা লৈ অবৈধভাৱে হাতীৰ সৰবৰাহ হোৱাৰ যথেষ্ট থল আছে। সেয়েহে, অসম বন বিভাগে এই ৫টা হাতীৰ মালিকীস্বত্ব, ডি এন এ প্ৰতিবেদন আৰু হস্তান্তৰ প্ৰক্ৰিয়াৰ এক স্বচ্ছ, নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰাটো সময়ৰ আহ্বান হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুলৈ পঠিওৱা অসমৰ হাতীৰ মালিক আচলতে কোন? ভুৱা ঠিকনাৰে চলিছে নেকি বৃহৎ ছিণ্ডিকেট?

তামিলনাডুলৈ পঠিওৱা অসমৰ হাতীৰ মালিক আচলতে কোন? ভুৱা ঠিকনাৰে চলিছে নেকি বৃহৎ ছিণ্ডিকেট?

November 9, 2026 4:35 pm
মানস ৰাষ্ট্ৰীয় উদ্যানত কৰ্মচাৰীৰ তীব্ৰ নাটনি! ১০৩টা পদ দীৰ্ঘদিন ধৰি খালী, বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ উদ্বেগ

মানস ৰাষ্ট্ৰীয় উদ্যানত কৰ্মচাৰীৰ তীব্ৰ নাটনি! ১০৩টা পদ দীৰ্ঘদিন ধৰি খালী, বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ উদ্বেগ

November 9, 2026 4:00 pm
দীপাৱলীৰ আনন্দৰ মাজতে অগ্নিকাণ্ডৰ তাণ্ডৱ! অসমত ১১টা অগ্নিকাণ্ড, ৩জন আহত; দেশজুৰি প্ৰাণ গ’ল শিশু–সহ কেইবাজনৰ

দীপাৱলীৰ আনন্দৰ মাজতে অগ্নিকাণ্ডৰ তাণ্ডৱ! অসমত ১১টা অগ্নিকাণ্ড, ৩জন আহত; দেশজুৰি প্ৰাণ গ’ল শিশু–সহ কেইবাজনৰ

November 9, 2026 3:00 pm
বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

November 9, 2026 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুলৈ পঠিওৱা অসমৰ হাতীৰ মালিক আচলতে কোন? ভুৱা ঠিকনাৰে চলিছে নেকি বৃহৎ ছিণ্ডিকেট?

তামিলনাডুলৈ পঠিওৱা অসমৰ হাতীৰ মালিক আচলতে কোন? ভুৱা ঠিকনাৰে চলিছে নেকি বৃহৎ ছিণ্ডিকেট?

November 9, 2026 4:35 pm
মানস ৰাষ্ট্ৰীয় উদ্যানত কৰ্মচাৰীৰ তীব্ৰ নাটনি! ১০৩টা পদ দীৰ্ঘদিন ধৰি খালী, বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ উদ্বেগ

মানস ৰাষ্ট্ৰীয় উদ্যানত কৰ্মচাৰীৰ তীব্ৰ নাটনি! ১০৩টা পদ দীৰ্ঘদিন ধৰি খালী, বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ উদ্বেগ

November 9, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd