খেলৰ শেষৰ উৎসৱ আৰু উল্লাসৰ পৰিৱৰ্তে এখন বক্সিং ৰিং হঠাতেই পৰিণত হ’ল ভয়ংকৰ ৰণক্ষেত্ৰলৈ। তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত ডব্লিউ বি চি ছিলভাৰ হেভিৱেট চেম্পিয়নশ্বিপৰ এখন মেচৰ অন্তত দুগৰাকী বক্সাৰৰ দল আৰু দৰ্শকৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। ৰাছিয়াৰ বক্সাৰ মৌৰাদ আলিয়েভ আৰু তুৰস্কৰ উমুত কামকিৰানৰ মাজত অনুষ্ঠিত এই মেচখনত আলিয়েভ চেম্পিয়ন হোৱাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে। ৰিঙৰ ভিতৰতে দুয়োপক্ষৰ মাজত ঘোচা, লাথি মৰাৰ লগতে বাহিৰৰ পৰা চকী পৰ্যন্ত দলিয়াবলৈ আৰম্ভ কৰে। এই অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ নিৰাপত্তাৰক্ষীসকলো হিমশিম খাবলগীয়া হয়।
প্ৰতিযোগিতাখনত তুৰস্কৰ উমুত কামকিৰানক সৰ্বসন্মতিক্ৰমে পৰাস্ত কৰি ডব্লিউ বি চি ছিলভাৰ হেভিৱেট চেম্পিয়নৰ খিতাপ দখল কৰে আলিয়েভে। আনহাতে, পেছাদাৰী কেৰিয়াৰত এয়া আছিল কামকিৰানৰ প্ৰথমটো পৰাজয়। মেচখনৰ পঞ্চম ৰাউণ্ডত সময় শেষ হোৱাৰ পাছতো বিপক্ষক ঘোচা মৰাৰ অপৰাধত ৰেফাৰীয়ে কামকিৰানৰ এটা পইণ্ট কাটিছিল। এই কথাক লৈ মেচ শেষ হোৱাৰ পূৰ্বেই পৰিস্থিতি উত্তপ্ত হৈ আছিল, যিয়ে পাছলৈ এক ভয়াৱহ ৰূপ লয়।
খেল শেষ হোৱাৰ পাছত নিজৰ চেম্পিয়নশ্বিপ বেল্ট লৈ আলিয়েভে উল্লাস কৰি থকাৰ সময়তে কামকিৰানৰ সমৰ্থকসকলৰ পিনে চাই কোনো এক ইংগিত দিয়ে। ২০১৯ চনৰ ইউৰোপীয়ান গেমছৰ ৰূপৰ পদক বিজয়ী আলিয়েভৰ এই আচৰণ তুৰস্কৰ বক্সাৰগৰাকী আৰু তেওঁৰ সমৰ্থকসকলে সহজভাৱে ল’ব পৰা নাছিল। ইয়াৰ পাছতে আলিয়েভে কামকিৰানক সাৱটি ধৰিবলৈ যাওঁতে তেওঁ আঁতৰি যায়। কামকিৰানৰ এই ব্যৱহাৰ আকৌ আলিয়েভৰ সমৰ্থকসকলৰ পছন্দ নহ’ল।
ইয়াৰ পাছতেই দুয়োগৰাকী বক্সাৰৰ দলৰ সদস্যসকল ৰিঙৰ ভিতৰত প্ৰৱেশ কৰে আৰু হতাহতিত লিপ্ত হয়। মুহূৰ্তৰ ভিতৰতে এই কাজিয়াই ভয়ংকৰ মাৰপিটৰ ৰূপ লয়। দৰ্শকৰ একাংশয়ো ৰিঙত প্ৰৱেশ কৰি লাথি-ঘোচা মাৰিবলৈ আৰম্ভ কৰে। দুয়োগৰাকী বক্সাৰে কেইবাটাও ঘোচা খাবলগীয়া হয়। বাহিৰৰ পৰা দলিয়াই দিয়া চকীৰ আঘাততো কেইবাজনো লোক আহত হয় বুলি জানিব পৰা গৈছে।
বক্সিং ৰিঙৰ ভিতৰত ইমানেই মানুহ জমা হৈছিল যে নিৰাপত্তাৰক্ষীসকলেও পৰিস্থিতি চম্ভালিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। অৱশেষত বহু সময়ৰ চেষ্টাৰ অন্তত আলিয়েভ আৰু কামকিৰানক নিৰাপদে ৰিঙৰ পৰা বাহিৰলৈ লৈ যোৱা হয় যদিও পৰিস্থিতি শান্ত হ’বলৈ যথেষ্ট সময় লাগে। ছ’চিয়েল মিডিয়াত এই ভয়ংকৰ সংঘৰ্ষৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। অৱশ্যে এই পৰ্যন্ত দুয়োগৰাকী বক্সাৰে ঘটনাটোৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে, আলিয়েভে বিতৰ্কত সাঙোৰ খোৱা এয়াই প্ৰথম নহয়; ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ সময়তো নিয়ম ভংগৰ অভিযোগত বাতিল হোৱাৰ পাছত তেওঁ ৪৫ মিনিট ধৰি ৰিঙৰ ভিতৰতে বহি প্ৰতিবাদ সাব্যস্ত কৰিছিল।





