• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত অনশনত বহিল অসম গণ পৰিষদৰ বিধায়িনী দল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 24, 2019 11:21 am
AGP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অনশনত বহিল অসম গণ পৰিষদৰ বিধায়িনী দল। আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী বিয়লি ৪ বজালৈ চলিব।

অনশনস্থলীত অগপৰ সভাপতি তথা সদ্য পদত্যাগী মন্ত্ৰী অতুল বৰাই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আন্দোলন হৈছে। কিন্তু ৰাইজৰ কথা নুশুনি এই আন্দোলনক চৰকাৰে মষিমুৰ কৰিবলৈ চেষ্টা চলাই আহিছে। তাৰ ফলত আজি ৰাজ্য অগ্নিগৰ্ভা হৈছে। ইয়াৰ বাবে জগৰীয়া চৰকাৰ।’

আনহাতে, জাতীয় আন্দোলনৰ নেতৃত্ব দি মুখ্য মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে বিধেয়কখন আৰু ইয়াৰ বিৰূদ্ধে হোৱা আন্দোলনক লৈ কৰা বিভ্ৰান্তিকৰ ব্যাখ্যাক দুৰ্ভাগ্যজনক আখ্যা দি বৰাই কয় যে অসম আন্দোলনৰ সময়তো এনেদৰে ভুল ব্যাখ্যাৰে চৰকাৰে আন্দোলনক মষিমুৰ কৰিবলৈ চেষ্টা কৰিছিল।

একেদৰে চৰকাৰক ইতিহাসৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনাই দলটোৰ জ্যেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামীয়ে কয়, ‘বিধেয়কখনে অসমৰ জাতীয় জীৱনক ধ্বংসৰ মুখলৈ ঠেলি দিব, গতিকে সকলো ৰাইজ দল সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিছে। কিন্তু চৰকাৰে যদি এই অশনি সংকেত গ্ৰহণ নকৰে সময়ে ক্ষমা নকৰিব’।

তেওঁ লগতে কয় যে জাতীয় জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ সংগ্ৰাম কৰি যাবই লাগিব।

আজিৰ এই অনশন কাৰ্যসূচীত সদ্য পদত্যাগী মন্ত্ৰী কেশৱ মহন্ত, ফনীভূষন চৌধুৰী, বিধায়ক ৰেণুপমা ৰাজখোৱা, সত্যব্ৰত কলিতা, পবীন্দ্ৰ ডেকা, প্ৰদীপ হাজৰিকাকে ধৰি বিধায়িনী দলৰ সদস্য আৰু কেইবাজনো নেতা-কৰ্মীয়ে ভাগ লয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd