নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অনশনত বহিল অসম গণ পৰিষদৰ বিধায়িনী দল। আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী বিয়লি ৪ বজালৈ চলিব।
অনশনস্থলীত অগপৰ সভাপতি তথা সদ্য পদত্যাগী মন্ত্ৰী অতুল বৰাই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আন্দোলন হৈছে। কিন্তু ৰাইজৰ কথা নুশুনি এই আন্দোলনক চৰকাৰে মষিমুৰ কৰিবলৈ চেষ্টা চলাই আহিছে। তাৰ ফলত আজি ৰাজ্য অগ্নিগৰ্ভা হৈছে। ইয়াৰ বাবে জগৰীয়া চৰকাৰ।’
আনহাতে, জাতীয় আন্দোলনৰ নেতৃত্ব দি মুখ্য মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে বিধেয়কখন আৰু ইয়াৰ বিৰূদ্ধে হোৱা আন্দোলনক লৈ কৰা বিভ্ৰান্তিকৰ ব্যাখ্যাক দুৰ্ভাগ্যজনক আখ্যা দি বৰাই কয় যে অসম আন্দোলনৰ সময়তো এনেদৰে ভুল ব্যাখ্যাৰে চৰকাৰে আন্দোলনক মষিমুৰ কৰিবলৈ চেষ্টা কৰিছিল।
একেদৰে চৰকাৰক ইতিহাসৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনাই দলটোৰ জ্যেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামীয়ে কয়, ‘বিধেয়কখনে অসমৰ জাতীয় জীৱনক ধ্বংসৰ মুখলৈ ঠেলি দিব, গতিকে সকলো ৰাইজ দল সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিছে। কিন্তু চৰকাৰে যদি এই অশনি সংকেত গ্ৰহণ নকৰে সময়ে ক্ষমা নকৰিব’।
তেওঁ লগতে কয় যে জাতীয় জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ সংগ্ৰাম কৰি যাবই লাগিব।
আজিৰ এই অনশন কাৰ্যসূচীত সদ্য পদত্যাগী মন্ত্ৰী কেশৱ মহন্ত, ফনীভূষন চৌধুৰী, বিধায়ক ৰেণুপমা ৰাজখোৱা, সত্যব্ৰত কলিতা, পবীন্দ্ৰ ডেকা, প্ৰদীপ হাজৰিকাকে ধৰি বিধায়িনী দলৰ সদস্য আৰু কেইবাজনো নেতা-কৰ্মীয়ে ভাগ লয়।