ৰাজ্যখনৰ স্বাৰ্থত অধিক আত্মনিয়োগ কৰাৰ অংগীকাৰ অগপৰ সভাপতি অতুল বৰাৰ

atul-bora-759-1-678x381-750x375

অগপৰ সভাপতি অতুল বৰা। ফাইল ফটো।

সোমবাৰে অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলক আদৰণি তথা সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি দলৰ সভাপতি তথা বোকাখাত সমষ্টিৰ পৰা পুনৰবাৰ নিৰ্বাচিত হোৱা বিধায়ক অতুল বৰাই জনসাধাৰণৰ ব্যাপক সঁহাৰি আৰু ৰায়দানে ৰাজ্যবাসীৰ প্ৰতি অধিক দায়বদ্ধশীল কৰি তুলিলে বুলি মন্তব্য কৰে।

বৰাই লগতে কয় যে ৰাজ্যখনৰ জনসাধাৰণে অগপকে একমাত্ৰ আঞ্চলিক দল হিচাপে পুনৰ স্পষ্ট কৰিলে। আঞ্চলিকতাবাদৰ ভেটি মজবুত কৰিবলৈ আগন্তুক দিনত অধিক দৃঢ়তাৰে কাম কৰি যাব বুলি মন্তব্য কৰি অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই কয় যে, সকলো প্ৰত্যাহ্বান আৰু ঘাট-প্ৰতিঘাত নেওচি দল পুনৰ আঞ্চলিকতাবাদী শক্তি ৰূপে প্ৰতিপন্ন হ’ল।

অনুষ্ঠানত জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিৰ পৰা অষ্টমবাৰৰ বাবে নিৰ্বাচিত বিধায়ক ফণীভূষণ চৌধুৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে নিৰ্বাচিত হোৱা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, টিয়ক বিধান সভা সমষ্টিৰ পৰা বিধায়িকা ৰেণুপমা ৰাজখোৱা, নৱ-নিৰ্বাচিত বিধায়ক তেজপুৰ সমষ্টিৰ পৃথ্বিৰাজ ৰাভা আৰু চাবুৱা সমষ্টিৰ পৰা নিৰ্বাচিত পোণাকন বৰুৱাই সকলোকে ধন্যবাদ জনাই বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নুৰুল হুছেইন, হিৰণ্য কুমাৰ কোৱঁৰ, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, উপ-সভাপতি দিলীপ পাটগিৰী, সুনীল ডেকাৰ লগতে অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ, অসম ছাত্ৰ পৰিষদ, অগপ গুৱাহাটী মহানগৰ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।