বৃহৎ “0” লৈ পঞ্চায়ত ৰণত অগপ!

পূৰ্বে নিজৰ শাসনকালত পঞ্চায়ত নিৰ্বাচনেই অনুষ্ঠিত নকৰা অগপ পঞ্চায়তক লৈ সঁচাকৈ ছিৰিয়াছ নে?

agp assam

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অগপৰ শংখনাদ। ছবি- দ হিন্দুৰ সৌজন্যত।

হাতত এটা বৃহৎ শূন্য লৈ আসন্ন পঞ্চায়ত নিৰ্বাচনত নামিছে অসমৰ বৰ্তমানৰ অন্যতম শাসক দল অসম গণ পৰিষদ।

কোনো ইস্তাহাৰ নোহোৱাকৈয়ে পঞ্চায়ত নিৰ্বাচনত দুই সৰ্বভাৰতীয় দল বিৰোধী কংগ্ৰেছ আৰু মিত্ৰ বিজেপিৰ বিৰুদ্ধে ৰণচালি ধৰিছে আঞ্চলিক দলটোৱে।

নিৰ্বাচনী প্ৰচাৰত প্ৰত্যেক দলে কিছুমান নিৰ্দিষ্ট বিষয় আৰু ভৱিষ্যত পৰিকল্পনাৰ ঘোষণা কৰি ভোটাৰৰ কাষ চাপে। কিন্তু কিয় ইস্তাহাৰেই নোহোৱাকৈ নিৰ্বাচনত নামিছে অগপ?

“২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনত প্ৰকাশ কৰা ইস্তাহাৰখনৰ প্ৰতিশ্ৰুতিসমূহ এতিয়াও পূৰণ হোৱা নাই। সেইখন ইস্তাহাৰতেই গাঁৱৰ বিকাশৰ কথাও সামৰি লোৱা হৈছিল। গতিকে আগতে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নোহোৱাকৈ নতুন এখন ইস্তাহাৰ প্ৰকাশ কৰাৰ প্ৰয়োজন আহি পৰা নাই,” নিজৰ চৰকাৰৰে চূড়ান্ত বিফলতা উদঙাই নৰ্থ ইষ্ট নাও-ত এই মন্তব্য অগপৰ প্ৰবীন নেতা, পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাই।

ইস্তাহাৰৰ সলনি অগপই প্ৰকাশ কৰিছে এখন গোহাৰি– য’ত মাত্ৰ ১০ মান শাৰীতেই সীমাবদ্ধ পঞ্চায়তক লৈ দলটোৰ চিন্তা। অসমৰ গ্ৰামাঞ্চলৰ বিকাশৰ নতুন পৰিকল্পনাও সিমানেই আঞ্চলিক দলটোৰ।

শাসনৰ বিকেন্দ্ৰীকৰণত পঞ্চায়তকে ব্যৱস্থাটোৰ আধাৰৰূপে মান্যতা দিয়াৰ সময়ত এইদৰে ইস্তাহাৰ নোহোৱাকৈয়ে নিৰ্বাচন খেলিবলৈ ওলোৱাটোৱে নিৰ্বাচনটোৰ প্ৰতি দলটোৰ গুৰুত্বতে প্ৰশ্নবোধক অনা নাই নে?

নিৰ্বাচনী প্ৰতিশ্ৰুতিক ৰাইজে সন্দেহৰ চকুৰে চায়, ভোলো যায়। যোৱা বিধান সভা নিৰ্বাচনত জনগণৰ মন জয় কৰা “জাতি-মাটি-ভেটি ৰক্ষা”ৰ শ্ল’গানৰ পৰিণতি বিষম হোৱা বুলি অসমৰ ৰাইজ আৰু দল-সংগঠনসমূহ সোচ্চাৰ হৈ আহিছে।

বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কক লৈ উত্তাল অসমত মৌলিক মতবিৰোধ সত্ত্বেও শাসন এৰিব নোখোজা বুলি তীব্ৰভাৱে সমালোচিত হৈছে অগপৰ শীৰ্ষ নেতৃত্ব।

পঞ্চায়ত নিৰ্বাচনত মিত্ৰ বিজেপিৰ সৈতে বাহিৰে প্ৰতিদ্বন্দ্বিতা কৰি ভিতৰুৱাকৈ বুজাবুজি কৰা বুলিও বিৰোধী কংগ্ৰেছ তথা বিভিন্ন মহলৰ সমালোচনাৰ পাত্ৰ হৈছে দলটো।

এনে অৱস্থাত শাসনৰ সমান অংশীদাৰ হৈ চৰকাৰে “প্ৰতিশ্ৰুতি পালন নকৰা”ৰ কথা কৈয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব পাৰিবনে আঞ্চলিক দলটো?

নিজৰ শাসনকালত পঞ্চায়ত নিৰ্বাচনেই অনুষ্ঠিত নকৰা অগপ পঞ্চায়তক লৈ সঁচাকৈ ছিৰিয়াছ নে?