• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিজেপিয়ে এৰা’ তিনিটা সমষ্টিত অগপৰ কোনে পাব টিকট?

কলিয়াবৰত আৰ এছ এছে বিচৰা নাই মণিমাধৱক; অগপও হিন্দুত্ববাদী সংগঠনটোৰ নিয়ন্ত্ৰণত?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 16, 2019 11:20 pm
Moni Madhab Mahanta_Zabed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰে পুনৰ মিত্ৰতাৰ পাছত বিজেপিয়ে এৰা তিনিটা সমষ্টিত কাক প্ৰাৰ্থিত্ব দিয়া হ’ব সেই লৈ জল্পনা-কল্পনা চলিছে আঞ্চলিক দলটোৰ মজিয়াত।

আসন বুজাবুজিৰ আনুষ্ঠানিকতা কৰিবলৈ ইতিমধ্যে নতুন দিল্লীৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰলৈ যোৱা অগপৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত আৰু দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা এতিয়ালৈকে নতুন দিল্লীতে আছে। অতুল বৰাই আজি সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ ভাগত পৰা সমষ্টিকেইটাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে। তেওঁলোকে লাভ কৰা কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিৰ বাবে দলে অতি কম সময়ৰ ভিতৰতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলিও জনায় সভাপতিজনে।

ইতিমধ্যে কলিয়াবৰৰ লগতে অগপই পূৰ্বতে মাত্ৰ এবাৰহে জিকিবলৈ সক্ষম হোৱা বৰপেটা আৰু কেতিয়াও সফলতাৰ মুখ নেদেখা ধুবুৰী সমষ্টিত এইবাৰ জিকাৰ সপোন লৈ অৱতীৰ্ণ হোৱাৰ কথা সভাপতি অতুল বৰাই প্ৰকাশ কৰিছে।

কলিয়াবৰ সমষ্টিত মন্ত্ৰী কেশৱ মহন্তৰ ভায়েক সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী উপসভাপতি মণিমাধৱ মহন্তক টিকট দিয়াৰ কথা ইতিমধ্যে চৰ্চা হৈছে দলত। মূলতঃ মণিমাধৱক দলৰ প্ৰাৰ্থী কৰাৰ অংক লৈয়ে বিজেপিৰে মিত্ৰতা কৰাৰ সপক্ষত স্থিতি লৈছিল কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই। মণিমাধৱ মহন্তই এই পৰ্যন্ত অগপত যোগদান কৰা নাই যদিও দুই এদিনতে সেইটো কৰা নিশ্চিত।

অৱশ্যে, এটা বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে মণিমাধৱ মহন্তৰ প্ৰাৰ্থিত্বত হেঙাৰ হৈছে আৰ এছ এছ। আৰ এছ এছৰ মতে মণিমাধৱৰ অভিজ্ঞতা নাই, গতিকে এজন অভিজ্ঞ ব্যক্তিক সমষ্টিটোৰ প্ৰাৰ্থিত্ব দিব লাগে। অৱশ্যে কেশৱ মহন্ত কলিয়াবৰৰ প্ৰাৰ্থী হোৱাত আৰ এছ এছৰ আপত্তি নাই বুলি জানিব পৰা গৈছে।

যিহেতু অগপই বিজেপিয়ে এৰি দিয়া সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব সেয়ে জাতীয়তাবাদী দলটোৰ সিদ্ধান্ত গ্ৰহণত এতিয়া আৰ এছ এছে বিচৰা-নিবিচৰাটোও গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ইপিনে, বৰপেটা সমষ্টিত অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ নাম চৰ্চাত আছে। অৱশ্যে পূৰ্বতে সাংসদ হিচাপে সৰৱ ভূমিকা পালন কৰা কুমাৰ দীপক দাসেই দলৰ টিকট লাভ কৰাৰ সম্ভাৱনাই বেছি।

ধুবুৰী সমষ্টিত প্ৰাক্তন বিধায়ক জাবেদ ইছলামে অগপৰ প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত। কাৰণ সমষ্টিটোত অগপৰ শক্তিশালী স্থিতি নথকাৰ বাবে তাত আন কোনো প্ৰাৰ্থীয়ে টিকটৰ দৌৰত থকা পৰিলক্ষিত হোৱা নাই।

অহা দুদিনৰ ভিতৰত দলটোৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সকলো কথা স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

August 19, 2025 6:30 am
নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

August 19, 2025 6:30 am
নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd