নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদৰ পৰা মঙলবাৰে পদত্যাগ কৰে দলটোৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য গুণীন হাজৰিকাই।
অসমীয়া জাতিক নিঃশেষ কৰিব পৰা বিধেয়কখনক সমৰ্থন দিয়া অগপৰ কেন্দ্ৰীয় নেতৃ্ত্বক তীব্ৰ সমালোচনা কৰি প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকাই দলৰ উক্ত পদবীৰ পৰা পদত্যাগ কৰে।
জাতিৰ সংকটৰ সময়ত একো মাত নমতা দলটোৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰা পদত্যাগপত্ৰত তেওঁ অতি ক্ষোভেৰে উল্লেখ কৰে যে জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ১০ ডিচেম্বৰৰ দিনটোত অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সোঁৱৰণত ছহিদ দিৱস পালন কৰি আহিছো। আৰু কেন্দ্ৰীয় চৰকাৰে এই দিনটোতে লোকসভাত বিধেয়কখন গৃহীত কৰিলে।
কিন্তু ইমানৰ পিছতো অগপৰ শীৰ্ষ নেতা তথা তিনি মন্ত্ৰীয়ে জাতি আৰু ভাষা ৰক্ষাৰ ক্ষেত্ৰত কোনো মাত নমতাৰ ক্ষোভত জ্যেষ্ঠ নেতাগৰাকীয়ে দলত্যাগ কৰাৰ কথা ঘোষণা কৰে।
ইপিনে সাংবাদিকেৰে হোৱা কথা বতৰাত হাজৰিকাই দলীয় নেতৃত্বই সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে একপক্ষীয়ভাৱে কেবক সমৰ্থন জনোৱাটো অসমবাসীৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। তদুপৰি অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা অসম গণ পৰিষদ দলৰ খোদ সভাপতি অতুল বৰাই অসম আন্দোলনক আৱেগিক বুলি কৰা মন্তব্যকো নিন্দা জনায়।
ইয়াৰ উপৰি তেওঁ কয় যে মই দলৰ উপ-সভাপতি পদ ত্যাগ কৰিছো যদিও দলৰ প্ৰথামিক সদস্য পদত এতিয়াও আছো। দলীয় নেতৃ্ত্বই যদি মোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰে তেন্তে সেয়া বেলেগ কথা।