২৩ মে’ৰ পিছত আমবাৰীত তলা ওলমাবলৈ সাজু হৈ আছে ভালেমান নেতা-কৰ্মী
অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তক বিজেপিত যোগদান কৰি সম্পূৰ্ণ গেৰুৱা হৈ ল’বলৈ আজি আহ্বান জনালে দলটোৰ কৰ্মীয়ে।
গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল দিয়া হেমেন বৰা নামৰ কৰ্মীজন দলটোৰ প্ৰাক্তন কেন্দ্ৰীয় মেডিয়া উপদেষ্টা। তেওঁ কয়, “নেতা দুজন বিজেপিত সম্পূৰ্ণৰূপে বিলীন হৈ গেৰুৱা সাজ পিন্ধাটোৱে কামনা কৰে অগপৰ তৃণমূল নেতা-কৰ্মীয়ে।”
আঞ্চলিক দলটোক ধ্বংসৰ পৰা বচাবলৈকে তৃণমূল কৰ্মীয়ে সেইটো কামনা কৰে বুলি দাবী গেৰুৱা দলেৰে মিত্ৰতাৰ ঘোৰ বিৰোধিতা কৰা আৰু যোৰহাটত দলটোৰ কাৰ্য্যালয়ত তলা ওলমাই দিয়া ঘটনাটোৰ নেতৃত্ব দিয়া হেমেন বৰাৰ।
“অসম গণ পৰিষদক ধ্বংস কৰাৰ ঠিকা লৈছে অতুল বৰা আৰু কেশৱ মহন্তই। তেওঁলোকে দলটোক ধ্বংস কৰিম বুলি অমিত শ্বাহক কথা দি থৈছে। তেওঁলোক যদি বিজেপিত বিলীন হৈ যায়, বা বিজেপিত যোগদান কৰে, তেন্তে তৃণমূল কৰ্মীসকল অত্যন্ত সুখী হ’ম। আমি সেইটো কৰাটো বিচাৰো”, বৰ্তমানেও নিজকে অগপৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে দাবী কৰা বৰাই কয়।
আঞ্চলিক দলটো পুনৰ ঠন ধৰি উঠিব যাতে নোৱাৰে তাৰ বাবেই দলৰ পৰা আঁতৰি এইকেইজন নেতাই বিজেপিত যোগদান কৰা নাই বুলিও মন্তব্য বৰাৰ।
“তেওঁলোক এতিয়া গেৰুৱা নহয়, কিয়নো তেওঁলোকে জানে যদিহে অসম গণ পৰিষদৰ নেতৃত্ব সলনি হয়, তেতিয়া দলটো অধিক শক্তিশালী হ’ব। আনহাতে, বিজেপিয়েও ভাবিছে তেওঁলোক নেতৃত্বত থাকক। সেইকাৰণে ছল-চক্ৰান্ত কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে নেতৃত্বক এলাগী কৰিব বিচাৰিছে।”
আনহাতে, সভাপতি অতুল বৰাই ২০ ফেব্ৰুৱাৰিত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত সকলোৰে মতামত মৰ্মে বিজেপিৰ সৈতে মিত্ৰতাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৰা মন্তব্যক “গোকাট মিছা” আখ্যা দিয়ে বৰাই।
“উক্ত কাৰ্য্যনিৰ্বাহকত বিজেপিৰে মিত্ৰতাৰ পক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল। প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও উপস্থিত নাছিল বৈঠকত।” কৰ্মী বৰাই সভাপতি বৰাৰ মিথ্যাচাৰ উদঙাই কয়।
“সেই কাৰ্য্যনিৰ্বাহকত এই বুলিহে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বিজেপি-বিৰোধী মিত্ৰতা হ’ব পাৰে।” এইদৰে উল্লেখ কৰি বৰাই লগতে কয়, “বিজেপিৰ বাহিৰে যিকোনো দলৰ লগত আলোচনা-বিলোচনা কৰি মিত্ৰতা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল উক্ত কাৰ্য্যনিৰ্বাহকত।”
ইপিনে, যোৰহাট জিলা অগপৰ “বিজেপিৰে মিত্ৰতা নহয়,অতি তিক্ততাহে আছিল।” বুলি মন্তব্য কৰি তেওঁ কয়, “যোৰহাট জিলা অগপ কাৰ্য্যালয়ত আজিও তলা ওলমাই ৰখা হৈছে।”
ইয়াৰোপৰি, ২৩ মে’ৰ ফলাফলৰ পাছত যোৰহাটৰ দৰে আমবাৰীৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয় অদূৰ ভৱিষ্যতলৈ তলা ওলমোৱাৰ হুঁকাৰ দিয়ে অগপৰ তৃণমূল পৰ্য্যায়ৰ নেতাজনে।
“অসমৰ ভিন্ন প্ৰান্তত থকা মোৰ বন্ধু-বৰ্গৰ সৈতে আলোচনা কৰি গম পাইছো যে অগপই লোকসভা নিৰ্বাচনত এখনো আসন নাপায়। ২৪ আৰু ২৫ মে’ৰ দিনা মিত্ৰতা নিবিচৰা সকলো তৃণমূল নেতা-কৰ্মী আমবাৰী কাৰ্য্যালয়ত থাকি ল’ম। যোৰহাটৰ কাৰ্য্যালয়ৰ দৰে অদূৰ ভৱিষ্যতলৈও তলা ওলমি থাকিব। আমি হাত সাবটি বহি নাথাকো।” বৰাই এইদৰে কয়।
আনহাতে, অতি সোনকালে অতুল বৰাৰ বিৰুদ্ধে গোচৰ তৰাৰ সম্ভাৱনা থকা বুলিও সংবাদমেলত মন্তব্য হেমেন বৰাৰ।
“অতি সোনকালে অতুল বৰাৰ বিৰুদ্ধে গোচৰ তৰা হ’ব পাৰে, তেওঁৰ কাৰ্য্যকালত বিতৰণ কৰা ট্ৰেক্টৰসমূহ অতি নিম্নমানৰ। নিম্নমানৰ ট্ৰেক্টৰসমূহ অধিক দামত তেওঁ কিছুমান কোম্পানীক কিনিবলৈ দিছে।” অভিযোগ বৰাৰ।
তদুপৰি, “কৃষি মন্ত্ৰী অতুল বৰাই ট্ৰেক্টৰ কেলেংকাৰি আৰু বীজ কেলেংকাৰিৰ পৰা বাচিবৰ বাবে বিজেপিৰে মিত্ৰতা কৰিছিল।” এই গুৰুতৰ অভিযোগ তুলি তেওঁ লগতে কয়, “অতুল বৰাই ভাবিছিল যদিহে বিজেপিৰে মিত্ৰতা কৰা নাযায়, তেন্তে জেইলৰ ভাত খাব লগীয়া হ’ব। বিজেপিৰ উচ্চ পৰ্য্যায়ৰ নেতায়ো চাগে তেওঁলোকক জেইলৰ ভাত খুওৱাৰ ভাবুকি দিছিল। সেয়েহে বিজেপিৰ ওচৰত অগপ দলটো বন্ধকত থৈছে।”
তেওঁ আৰু কয়, “কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তয়ো হাতীমূৰা মথাউৰি নিৰ্মাণ কেলেংকাৰিৰ জড়িত আছিল। সেয়েহে তেওঁলোক মিত্ৰতাৰ পাশত থাকিবলৈ বাধ্য।”
হেমেন বৰাৰ সৈতে উক্ত সংবাদমেলত বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰি দলৰ পৰা বহিষ্কাৰ হোৱা কাৰ্য্যনিৰ্বাহক সদস্য হৰেশ ভুঞাও উপস্থিত থাকে।
উল্লেখযোগ্য যে এজনৰ পৰা আন এজন নেতা-কৰ্মীয়ে দলটোৰ নেতৃত্বক তেওঁলোকৰ স্থিতিৰ বাবে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা বিজেপিৰ সৈতে থকাৰ বিৰোধিতা কৰি সমালোচনা কৰি আহিছে যদিও সেয়া “হাতীৰ গালৈ তৰাৰ ফৰ্মুটি”ত পৰিণত হৈ আহিছে। অন্যান্য নেতা-কৰ্মীৰ মতক সমূলি গুৰুত্ব দিয়া নাই সভাপতি অতুল বৰাই।