NORTHEAST NOW (Assamese)

হিতাধিকাৰীৰ মাজত টিনপাট, চিলাই মেচিন, স্প্রে-মেচিন আৰু বীজ বিতৰণ মন্ত্রী অতুল বৰাৰ

September 14, 2020 9:38 pm · উত্তম শইকীয়া
Updated: September 14, 2020 9:40 pm
ফটো : নৰ্থ-ইষ্ট নাও

কৃষি মন্ত্রী তথা বােকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই আজি বোকাখাতৰ মহকুমাধিপতিৰ কার্যালয়ত আয়ােজিত এক অনুষ্ঠানত নিজ সমষ্টিৰ হিতাধিকাৰী সকলৰ মাজত টিনপাট, চিলাই মেচিন, স্প্রে-মেচিন আৰু মাটি মাহৰ বীজ বিতৰণ কৰে।

বােকাখাত মহকুমাৰ কল্যাণ বিভাগৰ দ্বাৰা আয়ােজিত এই অনুষ্ঠানত কৃষি মন্ত্রী অতুল বৰাই অনুসূচিত জাতি তথা অন্যান্য পিছ পৰা শ্রেণীৰ হিতাধিকাৰীলৈও টিনপাট আৰু চিলাই মেচিন বিতৰণ কৰে।

উল্লেখযােগ্য যে, বােকাখাত মহকুমা কল্যান বিভাগৰ দ্বাৰা অনুসুচীত জাতিৰ ৪৪ গৰাকী আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ ১৭৩ গৰাকী হিতাধিকাৰীক টিনপাট আৰু অনুসূচিত জাতিৰ ৫২ গৰাকী আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ ১০০ গৰাকী মহিলা হিতাধিকাৰীক চিলাই মেচিন বিতৰণ কৰাৰ ব্যৱস্থা কৰে।

উল্লেখযােগ্য যে, কৃষি মন্ত্রী অতুল বৰাৰ নিৰ্দেশত সমগ্র বোকাখাত মহকুমাৰ কৃষক ৰাইজৰ বাবে ২২০০ টা স্প্রে-মেচিন আৰু ৭০ কুইণ্টল মাটি মাহৰ বীজ বিতৰণৰো ব্যৱস্থা কৰা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।

আজিৰ অনুষ্ঠানতে কৃষি মন্ত্রী অতুল বৰাই দুজনকৈ হিতাধীকাৰীক কৃষি বিভাগৰ তৰফৰ পৰা স্প্রে-মেচিন আৰু মাটি মাহৰ বীজ প্ৰদান কৰি এই সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানতে মন্ত্রী অতুল বৰাই কৃষি বিভাগ আৰু বোকাখাত মহকুমা প্রশাসনৰ দ্বাৰা নির্মিত উদ্যান আলােক নামৰ এখনি তথ্য চিত্রৰো শুভ উন্মােচন কৰে।

Related News