তিনি বছৰত নিজৰ সমষ্টিত হোৱা উন্নয়নৰ খতিয়ান ল’লে কৃষি মন্ত্রী অতুল বৰাই

IMG-20191104-WA0147_3

ফটো : নৰ্থ-ইষ্ট নাও

গৃহ সমষ্টি বোকাখাতৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান ল’বৰ বাবে সোমবাৰে বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ বৈঠক অনুষ্ঠিত কৰে কেবিনেট মন্ত্রী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই।

এই বৈঠকত মন্ত্ৰী গৰাকীয়ে কৃষি, পশুপালন, স্বাস্থ্য, জনস্বাস্থ্য-কাৰিকৰী, গড়কাপ্তানী পথ তথা গৃহ, জলসিঞ্চন আদি কৰি বিভিন্ন বিভাগৰ বিগত তিনি বছৰে সমষ্টিটোত কৰা উন্নয়নমূলক কামকাজৰ খতিয়ান লয় ৷

বৈঠকত মন্ত্রী অতুল বৰাই মহকুমা কৃষি বিভাগক বিভাগীয় আঁচনি কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত তীক্ষ্ন দৃষ্টি ৰখাৰ লগতে কোনাে হিতাধিকাৰীয়েই যাতে কৃষি বিভাগৰ আঁচনি সমূহৰ পৰা বঞ্চিত নহয় তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

সভাত মন্ত্রীগৰাকীয়ে গড়কাপ্তানী পথ সংমণ্ডল বিভাগক সমষ্টিটোৰ আধৰুৱা হৈ থকা সকলােবােৰ বাট-পথ আৰু দলঙৰ নির্মাণ তথা মেৰামতিৰ কাম অনতি পলকে সম্পূর্ণ কৰিবলৈ নির্দেশনা দিয়ে।

ইয়াৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগক মহকুমাটোত বিকল হৈ থকা খোৱা পানী যোগানৰ আঁচনি সমূহৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াৰ লগতে উপস্থিত অন্যান্য উন্নয়ন বিভাগৰ বিষয়া সকলক মহকুমাটোৰ সর্বাংগীন উন্নয়নৰ বাবে নিষ্ঠা আৰু সততাৰে চৰকাৰী আঁচনি সমূহৰ ৰূপায়নত মনােনিবেশ কৰিবলৈ অনুৰোধ জনায়।

মন্ত্ৰী অতুল বৰাৰ এই সভাত গোলাঘাট জিলাৰ উপাযুক্ত ধীৰেন হাজৰিকা, মহকুমাধিপতি বিবেক শ্যাম, বোকাখাত পৌৰসভাৰ পৌৰপতি চিত্রা কার্দং, ৰাজহ চক্ৰ বিষয়া খনিন্দ্র দাস, নির্বাচনী বিষয়া নীতিশা বৰা, সহকাৰী আয়ুক্ত ৰণনময় ভৰদ্বাজৰ লগতে বিভিন্ন বিভাগৰৰ বিষয়া সকল উপস্থিত থাকে।

পৰৱৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে বোকাখাত অসামৰিক চিকিৎসালয় পৰিচালনা সমিতি আৰু বোকাখাত মহকুমা প্ৰশাসনে স্থানীয় লোকৰ সহযোগত উদযাপন কৰিবলৈ লোৱা কাজিৰঙা মহোৎসৱৰ এক বৈঠকতো পৃথকে পৃথকে অংশ গ্ৰহণ কৰে।