NORTHEAST NOW (Assamese)

মোৰবীলৈ আহিব মোডী! গোটেই নিশা গুজৰাটৰ চিকিৎসালয়ত চলিল চাফাই, ৰং কৰাৰ কাম

November 1, 2022 11:18 am · এন ই নাও নিউজ, গুৱাহাটী

Ahead of PM Modi’s Morbi visit entire hospital cleaned up গুজৰাটৰ ভয়ংকৰ দলং ভাঙি পৰা দুৰ্যোগৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে শোক প্ৰকাশ কৰিছিল। সোমবাৰে এক অনুষ্ঠানৰ পৰা তেওঁ কৈছিল যে তেওঁৰ অন্তৰ ভাগি পৰিছে। কৰ্তব্যৰ বাবে তেওঁ এই পৰিস্থিতিতো আন এটা কাৰ্যসূচীত আছে, কিন্তু তেওঁৰ মন মোৰবীতেই পৰি আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মোৰবী ভ্ৰমণ কৰিব বুলি খবৰ পোৱা গৈছে। এতিয়ালৈকে মোৰবীৰ দলং দুৰ্ঘটনাত প্ৰায় ১৪১ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহুলোক আহত হৈছে। তেওঁলোকৰ বহুতক মোৰবীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

লগতে পঢ়ক: সামৰিক কুচকাৱাজ! আমেৰিকা-দক্ষিণ কোৰিয়াই চলাইছে বৃহৎ যৌথ যুদ্ধবিমান অনুশীলন

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মোডীৰ চিকিৎসালয় ভ্ৰমণৰ পূৰ্বে গোটেই নিশা চিকিৎসালয়খন পৰিষ্কাৰ কৰি তোলা হৈছে। গোটেই ৰাতি কিছুমানে চিকিৎসালয়খনত ঝাড়ু দিছে, কিছুমানে ৰোগীৰ বিচনাৰ চাদৰ সলনি কৰিছে। কিছুমান দেৱাল আৰু চাদত ৰং কৰা হৈছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

কংগ্ৰেছ আৰু আপে চিকিৎসালয়খন খৰখেদাকৈ সজাই তোলাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। কংগ্ৰেছে চিকিৎসালয়খন পৰিষ্কাৰ কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি কয় যে ইমান সংখ্যক লোকৰ মৃত্যু হৈছে, কিন্তু তেওঁলোক ব্যস্ত হৈ আছে ইভেন্ট মেনেজমেন্টত।

মোডী যোৱাৰ আগতে ৰং কৰা হৈছে, টাইলবোৰ উজ্জ্বল কৰা হৈছে যাতে প্ৰধানমন্ত্ৰীৰ ছবিত কোনো ত্ৰুটি নহয়। এই সম্পৰ্কে কটাক্ষ কৰি আম আদমী পাৰ্টিয়ে কয় যে যদি বিজেপিয়ে যোৱা ইমান বছৰ ধৰি কাম কৰি আছিল, তেন্তে মাজনিশা মোডী অহাৰ আগতে চিকিৎসালয়খন সজোৱাৰ কোনো প্ৰয়োজন নাছিল।

Related News