NORTHEAST NOW (Assamese)

মূল্যবৃদ্ধি : আমগুৰিত প্ৰধান মন্ত্ৰী-পেট্ৰ’লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত আহোম জাতীয় গণ মঞ্চৰ

September 11, 2018 8:36 am · ৰাজীৱ দত্ত

পেট্ৰ’ল-ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত আহোম জাতীয় গণ মঞ্চ, অসমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আহোম জাতীয় গণ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰা এই কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ  মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰি বিজেপি চৰকাৰে যদি কম দিনৰ ভিতৰত ইন্ধনজাত সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে মঞ্চই অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

ইফালে প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, বিজেপি চৰকাৰ গ’ বেক, মূল্যবৃদ্ধি ৰোধ কৰক, ধৰ্মেন্দ্ৰ প্ৰধান গ’ বেক আদি বিভিন্ন শ্লোগানেৰে আমগুৰিৰ পৰিৱেশ উত্তাল কৰি তোলে।

Related News