এইবাৰ AHSECৰ উঃ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা

অসমত এইবাৰ শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা আছে।

এক উচ্চস্তৰীয় সূত্ৰমতে প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্রীকে দ্বিতীয় বৰ্ষলৈ উন্নীত কৰোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে অহা ৯ এপ্ৰিলত শিক্ষা সংসদত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ অন্তত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

কৰ’নাভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে পূৰ্বেও ২৫ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈ হ’বলগীয়া পৰীক্ষাসমূহ বাতিল কৰা হৈছিল।