কোভিড পৰিস্থিতিৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা
প্ৰতিনিধিত্বমূলক ফটো।
ৰাজ্যত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অহা ১১মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখা হৈছে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জানিবলৈ দিয়ে এই কথা।
সমগ্ৰ ৰাজ্যজুৰি কোভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
ৰাজ্যখনত দৰিদ্ৰ সীমা ৰেখাৰ তলত বহু শিক্ষার্থী আছে যিসকলৰ বাবে অনলাইন পৰীক্ষা দিয়াটো সম্ভৱ নোহোৱাৰ বাবেই অনলাইন পৰীক্ষাৰ কথা চিন্তা কৰা হোৱা নাই।
তদুপৰি, কোভিড সংক্ৰমণ ৰোধ হোৱাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে গ্ৰহণ কৰা হৈছে।
কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই পৰীক্ষা স্থগিত ৰখা হৈছে আৰু পৰৱৰ্তী জাননী নিদিয়ালৈ এই পৰীক্ষা পিছুৱাই দিয়া হৈছে বুলি সংসদৰ এক জাননীত কোৱা হৈছে।