• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্যান্য খাদ্য সামগ্ৰীৰ লগতে ফলমূলৰ অভাৱনীয় মূল্য বৃদ্ধিত অসহায় গ্ৰাহক

মুৰলী বৰুৱা by মুৰলী বৰুৱা
May 4, 2021 2:25 pm
IMG-20210504-WA0003

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে চলি আছে ইছলাম ধৰ্মালম্বী লোক সকলৰ পৱিত্ৰ ৰমজান মাহৰ ৰোজা ৷  বহু ইছলাম ধৰ্মীয় লোকে বছৰৰ এই পৱিত্ৰ ৰমজান মাহটোত ৰোজা ৰাখিছে,আৰু বহুতেই বিভিন্ন অসুবিধাৰ কাৰণে ৰোজা ৰাখিব পৰা নাই।

যিসকলে আজিৰ তাৰিখত ৰোজা ৰাখিছে তেওঁলোকেও আকৌ মাজে সময়ে চিন্তাত থমকি ৰৱ লগাত পৰিছে ৷ কিয়নো এই ৰমজান মাহটো আহিলেই একাংশ ফল মূলৰ ব্যৱসায়ী যিয়ে যেনেদৰে পাৰিছে ইচ্ছামতে বঢ়াই গৈছে নানা বিধ ফলমূলৰ দাম ৷

Apply Now

এই এটা মাহ ফলৰ ব্যৱসায়ীসকলৰ মুৰ তুলি চাবলৈ হাতত নাই অকনো সময় ৷ যি কি নহওঁক পৱিত্ৰ ৰমজান মাহৰ ৰোজাৰ ইফটাৰ বুলিলে প্ৰত্যেকজন লোকৰ মনলৈ আহে সুস্বাদু খাদ্য সম্ভাৰৰ কথা ৷

দিনটোৰ কঠোৰ ৰমজানৰ ৰোজাৰ অন্তত সন্ধিয়া ফলমূলৰ লগতে সোৱাদ ভৰা খাদ্যৰে ভৰপুৰ ইফটাৰৰ থালীখন সন্মুখত লৈ বহিলেই ৰোজা পালন কৰা লোক সকলে পৰম সন্তুষ্টি লাভ কৰে ৷

কিন্ত বৰ্তমান সময়ত দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকৰ ইফটাৰৰ থালীখনৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে বজাৰৰ বিভিন্ন সুস্বাদু ফলমূল ৷ ৰমজান মাহ আৰম্ভ হোবাৰে পৰা প্ৰতিবিধ ফলৰে দাম ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাত স্বাভাৱিকতে বিমোৰত পৰিছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহক ৰাইজ ৷

কিয়নো ৰমজানৰ মাহৰ ৰোজাৰ বতৰত বজাৰৰ পৰা  ইছলাম ধৰ্মীয় লোক সকলে কিছু বেছি পৰিমাণে হলেও ফলমূল ক্ৰয় কৰে সন্ধিয়া পৰিয়ালৰ লোক সকলৰ সৈতে ইফটাৰ কৰাৰ মানসেৰে ৷

কিন্ত, এতিয়া ফলমূলৰ বজাৰত আপেল, আঙুৰ, তৰমুজ, কল, মৌচম্বী, আম, ডালিম, খেজুৰ আদিকে ধৰি সকলোবোৰ ফলৰে দাম অভাৱনীয় ভাৱে বৃদ্ধি পোৱাত গ্ৰাহক সকলে বজাৰৰ পৰা ফলমূল ক্ৰয় কৰা সময়ত দহবাৰ চিন্তা কৰিব লগাত পৰিছে ৷

নগাঁৱৰ বিভিন্ন গ্ৰামাঞ্চলৰ সমান্তৰালভাৱে চহৰৰ কেইবাখনো ফলমূলৰ বজাৰত প্ৰতি কেজি আপেল থাইলেণ্ড ২২০-২৪০ টকা, চুইজাৰলেণ্ড ২৪০-২৬০, হিমাচল প্ৰদেশ ১৬০-১৮০-২০০ টকা, কাশ্মীৰি ১৮০-২২০, প্ৰতিকেজি আঙুৰ নাছিক ২০০-২৩০,আম মাদ্ৰাজ ২০০-২৩০, মালদা (পশ্চিমবংগ) ১৮০-২০০ টকা, মৌচম্বী ২৩০-২৫০ টকা, তৰমুজ কেজি প্ৰতি ৪০-৫০ টকা, ডালিম ২৩০-২৬০ টকা, মালভোগ কল আশি প্ৰতি ৯০-১৫০ টকা,চেনি কল ৬০-৮০ টকা, জাহাজী কল ৭০-১২০ টকা, অমৃত সাগৰ ৮০-১৩০ টকা, তিয়ঁহ ৪০-৬০ টকা কেজি প্ৰতি ৷

আনহাতে, এতিয়া সকলো বজাৰতে সহজলভ্য হৈ পৰা আৰৱ-ইৰাণৰ খেজুৰ প্ৰতিকেজিত ২৫০-৩০০ টকা আৰু ভাৰতীয় খেজুৰ ৮০-১২০ টকা, কাজু বাদাম ১০০০-১২০০ টকাকৈ বিক্ৰী হৈ আহিছে ৷

ফলৰ বজাৰত ফলমূল ক্ৰয় কৰি থকা কেইজনমান গ্ৰাহকে কয়, “ইছলাম ধৰ্মীয় সমাজত পৱিত্ৰ ৰমজান মাহ বছৰত এবাৰেই আহে৷ বজাৰত ফলমূলৰ দাম বৃদ্ধি হ’লেও আমিটো ফলমূল সমূহ সন্ধিয়াৰ ইফটাৰৰ সময়ত ব্যৱহাৰ কৰিবই লাগিব ৷ গতিকে বজাৰত চ’ৰা দাম হ’লেও ক্ৰয় কৰি আহিছো ৷’’

বজাৰত দাম বেছি হ’লেও আৰৱৰ খেজুৰবিধ খাই ভাল পোৱা এজন ব্যক্তিয়ে লগতে কয়, “আমি তাহানিৰে পৰা ৰোজা পালন কৰি আহিছো ৷ কিন্ত অন্য বছৰবোৰৰ তুলনাত এইবাৰ সঁচাকৈয়ে ফলমূল সমূহৰ দাম বৃদ্ধি পাইছে ৷ ই সঁচাকৈয়ে আমাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়াল সমূহৰ বাবে অত্যন্ত চিন্তনীয় বিষয় ৷ যি কি নহৱক তথাপিওটো আমি এই সকলোৰে মাজত পৱিত্ৰ ৰোজা পালন কৰিবই লাগিব ৷’’

উল্লেখ্য যে,পৱিত্ৰ ৰমজান মাহৰ সময়ত উচ্চদাম হ’লেও সৰ্ব্বসাধাৰণ গ্ৰাহক ৰাইজে ফলমূল ক্ৰয় কৰিবলৈ বাধ্য বাবে হোৱাৰ বাবেই এতিয়া খুচুৰা ব্যৱসায়ী সকলে ফলমূলৰ দাম ইচ্ছা অনুসৰি বৃদ্ধি কৰে বুলিও একাংশ সচেতন গ্ৰাহকে মত ব্যক্ত কৰিছে ৷ ৰাজ্য খনত এটা বিয়াগোম যোগান বিভাগ আছে যদিও এইক্ষেত্ৰত বিভাগটোৰ পৰা কোনো সু্ফল নোপোৱাৰ গুৰুতৰ অভিযোগ উঠিছে সাধাৰণ ৰাইজৰ মাজত ৷

বৰ্তমান পৱিত্ৰ ৰোজা মাহৰ এই সময়চোৱাত বজাৰত নগাঁও যোগান বিভাগৰ পৰিদৰ্শক-বিষয়া কোনো এজনকে এইক্ষেত্ৰত কোনো তৎপৰতা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই সৰ্ব্বসাধাৰণ গ্ৰাহক ৰাইজে ৷

ইপিনে ভয়াবহ কভিড-১৯ৰ গ্ৰাসত এতিয়া সমগ্ৰ অসম। ক’ভিড ৰোগী সকলৰ বাবেও অতি প্ৰয়োজন বিভিন্ন ধৰণৰ ফল মূল। কিন্তু ফলৰ বজাৰৰ এই আকাশলংঘী মূল্য বৃদ্ধিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণ ৰাইজক।

ইয়াৰ উপৰিও নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছৰে পৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি প্ৰতিটো সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে এতিয়া এতি সৰিয়হফুল দেখুৱাইছে ৰাইজক। এই ক্ষেত্ৰত নতুন চৰকাৰ খনে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছে সৰ্বসাধাৰণ ৰাইজে ।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd