ৰাজ্যৰ কাগজ কল ৰক্ষাৰ দাবীত যৌথ প্ৰতিবাদ কাৰ্যসূচী ল’ব AICCTUয়ে

দেওবাৰে শ্ৰমিক ইউনিয়ন AICCTUৰ উদ্যোগত আৰু গুৱাহাটী শোধনাগাৰ ইউনাইটেড বৰ্কমেন ইউনিয়নৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাৱত ‘কাগজ কল বচাওক, উদ্যোগ বচাওক, শ্ৰমিক বচাওক’ শীৰ্ষক এখনি ৰাজ্যিক শ্ৰমিক অভিবৰ্তন অনুস্থিত হয়।

AICCTU ৰ নেতা বীৰেন কলিতা আৰু সুভাষ সেনৰ দ্বাৰা পৰিচালিত অভিবৰ্তনৰ প্ৰস্তাবনা পত্ৰ পাঠ কৰে AICCTU ৰ ৰাজ্যিক সহকাৰী সম্পাদক পংকজ কুমাৰ দাসে ।

অভিবৰ্তনে ২০ চেপ্টেম্বৰত জাগীৰোড আৰু কাছাৰ কাগজ কল ৰক্ষাৰ দাবীত গুৱাহাটীত যৌথ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰধান মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা, কাগজ কলৰ উৎপাদন পুনৰ আৰম্ভ কৰা,  নামৰূপ সাৰ কাৰখানা আৰু অসম চাহ নিগমৰ বাগিচাসমূহ পুনৰুজ্জীৱিত কৰণৰ দাবীত এখন ৰাজ্যিক গণ অভিবৰ্তন অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই উদ্দেশ্যে সকলো শ্ৰমিক সংগঠনৰ অংশগ্ৰহণত ‘উদ্যোগ বচাওক, শ্ৰমিক বচাওক, যৌথ সংগ্ৰাম সমিতি, অসম’ নামেৰে এখন আহ্বায়ক সমিতি গঠন কৰা হয়।

আজিৰ অভিবৰ্তনে নিম্নোক্ত প্ৰস্তাৱসমূহ গ্ৰহণ কৰে –

১. বৃহৎ পুঁজিপতি-ব্যবসায়ীক গোষ্ঠীৰ স্বাৰ্থত ৰূপায়ণ কৰা আৰ্থিক নীতিৰ ফলত সমগ্ৰ দেশত অটোম’বাইল, ৰেল,  এয়াৰ ইণ্ডিয়া, টেক্সটাইল, নিৰ্মাণ আদি খণ্ডত লাখ লাখ শ্ৰমিক-কৰ্মচাৰীয়ে কাম হেৰুৱাব লগা ঘটনাৰ প্ৰতিবাদ জনাই আৰু প্ৰতিৰক্ষা খণ্ডৰ ৮০ হাজাৰ শ্ৰমিকে চলাই যোৱা মাহজোৰা ধৰ্মঘটৰ প্ৰতি সংগ্ৰামী সংহতি জ্ঞাপন কৰে।

২. জাগীৰোড আৰু কাছাৰ কাগজ কলৰ উৎপাদন শীঘ্ৰে আৰম্ভ কৰা আৰু শ্ৰমিক কৰ্মচাৰীৰ অনাদায় দৰ্মহা অতি শীঘ্ৰে আদায় দিয়াৰ দাবী জনায়। লগতে লোকসভাত কেন্দ্ৰীয় চৰকাৰে দুয়োটা কলৰ বাবে ৪১৪১ কোটি টকা আবণ্টন দিয়াৰ পিছতো টকা হৰলুকী হোৱা ঘটনাৰ চি বি আই তদন্তৰ দাবী জনায়।

৩. অভিবৰ্তনে নামৰূপ সাৰ কাৰখানাৰ আধুনিকীকৰণৰ বাবে পুঁজি আবন্টন দিয়া আৰু চতুৰ্থটো উৎপাদন ইউনিট গঠন কৰাৰ দাবী জনায় । লগতে অসম চাহ নিগমৰ বাগিচা সমূহ পুনৰুজ্জীৱিত কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আৰু চাহ শ্ৰমিক সকলৰ সকলো প্ৰাপ্য শীঘ্ৰে আদায় দিয়াৰ দাবী জনায় । আনহাতে অসমৰ ডিগবৈ তৈল্য ক্ষেত্ৰসহ সকলো তৈল্য ক্ষেত্ৰ দেশী বিদেশী পুঁজিপতিৰ হাতত গটাই দিয়াৰ তীব্ৰ প্ৰতিবাদ জনায়  আৰু তেল শোধনাগাৰসমূহত ব্যক্তিগত অংশীদাৰ বৃদ্ধি কৰি বেচৰকাৰীকৰণৰ বাবে চলোৱা প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনায় ।

৪. অভিবৰ্তনে কেন্দ্ৰীয় চৰকাৰে ৪৪ খন কেন্দ্ৰীয় শ্ৰম আইন বিলোপ কৰি চাৰিটা বিধিত সন্নিৱিষ্ট কৰিব বিচৰা চুড়ান্ত শ্ৰমিক বিৰোধী সংস্কাৰ কাৰ্যসূচীৰ প্ৰতিবাদ জনায় আৰু অতি শীঘ্ৰে এনে সংস্কাৰ কাৰ্যসূচী বাতিলৰ দাবী কৰে ।

৫. অভিবৰ্তনে চাহ মালিক কোম্পানীসমূহে তথাকথিত লোকচান দেখুৱাই চাহ শ্ৰমিকক ২০% বোনাচ প্ৰদান কৰিবলৈ অমান্তি হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰে আৰু ২০ % বোনাচ প্ৰদানৰ দাবী জনায় । অভিবৰ্তনে বছৰ বছৰ দাবী জনায় অহাৰ পিছতো চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫০ টকালৈ বৃদ্ধি নকৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু অতি শীঘ্ৰে সকলো বকেয়াসহ ৩৫০ টকা মজুৰি প্ৰদান কৰিবলৈ দাবী জনায় ।

৬. অভিবৰ্তনে নিৰ্মাণ শ্ৰমিক,  ঠিকা শ্ৰমিক , আদি অসংগঠিত খণ্ডৰ শ্ৰমিকৰ ওপৰত চলা মজুৰি শোষণ,  লেকামহীন ছাটাইৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু সকলো অস্থায়ী শ্ৰমিকক স্থায়ী কৰা আৰু আইনী নিশ্চয়তা সহ স্থায়ী শ্ৰমিকৰ সমানে দৰ্মহা প্ৰদান কৰিবলৈ দাবী জনায় ।

৭. অভিবৰ্তনে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ দাবী জনায় আৰু নতুন পেঞ্চন আঁচনি বাতিলৰ দাবী কৰে ।

কালিৰ উক্ত অভিৱৰ্তনত বুদ্ধিজীৱী ড৹ দিলীপ বৰা, জ্যেষ্ঠ সাংবাদিক খগেন কলিতা, সংগীত শিল্পী লোকনাথ গোস্বামীকে ধৰি বহুকেইটা শ্ৰমিক ইউনিয়নৰ নেতা আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।