NORTHEAST NOW (Assamese)

ভাৰতত কৰ’নাৰ ‘ছেকেণ্ড ৱেভ’ আৰম্ভ; উদ্বিগ্নতা প্ৰকাশ কৰি এইমছৰ সঞ্চালকে ক’লে এই কথা

September 5, 2020 11:06 am · এন ই নাও নিউজ
এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। দেশত ইতিমধ্যে আক্ৰান্তৰ সংখ্যাই ৪০লাখ অতিক্ৰম কৰিছে।

সংক্ৰমণৰ ফালৰ পৰা আমেৰিকা আৰু ব্ৰাজিলৰ পাছতে আছে ভাৰত। ইয়াৰ মাজতে নতুন এক উদ্বিগ্নতাৰ কথা প্ৰকাশ কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

‘ইণ্ডিয়া টুডে’ক দিয়া এক সাক্ষাৎকাৰত গুলেৰিয়াই ভাৰতৰ কোনো কোনো স্থানত কৰ’নাৰ ছেকেণ্ড ৱেভ আৰম্ভ হোৱা বুলি দাবী কৰিছে।

তেওঁ কয় যে ভাৰতৰ কিছু কিছু ঠাইত ছেকেণ্ড ৱেভ দেখা গৈছে। সেই ঠাইসমূহত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে।

ইয়াৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰিছে ডাঃ গুলেৰিয়াই।

প্ৰথমতে টেষ্টিং বঢ়োৱা হৈছে আৰু প্ৰতিদিনে প্ৰায় ১০ লাখ টেষ্টিং হৈছে। ইয়াৰ ফলত সেই স্থানসমূহত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে।

ইয়াৰ লগতে সাধাৰণ নাগৰিকৰ সতৰ্কতাৰ অভাৱৰ কথাও তেওঁ উনুকিয়াইছে।

ডাঃ গুলেৰিয়াই কয় যে প্ৰথমতে মানুহবোৰে সতৰ্কতা অৱলম্বন কৰিছিল যদিও এইটো সেয়া ধৰি ৰখা নাই। বহুতেই ধৈৰ্য হেৰুৱাইছে বুলি উল্লেখ কৰি তেওঁ বহু ঠাইত মানুহে মাস্ক নিপিন্ধাৰ লগতে ভিৰ বা সমাৱেত হ’বলৈ লৈছে বুলি কয়।

আনহাতে ডাঃ গুলেৰিয়াই অনুমান কৰে যে ২০২১ৰ প্ৰথম ভাগলৈ এই অতিমাৰীৰ প্ৰভাৱ থাকিব। তেওঁ অহা বৰ্ষত সংক্ৰমণৰ সংখ্যা কিছু কমাৰ লগতে অহা বছৰটোতে তেওঁ অতিমাৰীৰ সমাপ্তিও দেখা পাইছে।

ভাৰতত তিনিটা ভেকচিনৰ ট্ৰায়েল চূড়ান্ত পৰ্যায়ত থকাৰ কথা জানিব দি ডাঃ গুলেৰিয়াই এই ভেকচিন কিমান সুৰক্ষিত সেই বিষয়তহে গুৰুত্ব দিয়াৰ কথা কয়।

Related News