আজিৰে পৰা দিল্লীৰ এইমছত আৰম্ভ হ’ব শিশুৰ ওপৰত কোভাক্সিনৰ ক্লিনিকেল ট্ৰায়েল

Covaxin trial on child

পাটনাৰ এইমছত কিছুদিন পূৰ্বে আৰম্ভ হোৱা শিশুসকলৰ ওপৰত কোভাক্সিনৰ ক্লিনিকেল ট্ৰায়েল এইবাৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে দিল্লীৰ এইমছে।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিড-১৯ৰ এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলত ২বছৰৰ পৰা ১৮ বছৰৰ শিশুসকলৰ বাবে উপযোগী হ’ব নে নাই সেয়া পৰ্যবেক্ষণ কৰা হ’ব।

ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ বিষয়ে বিশেষজ্ঞসকলে সতৰ্ক কৰি দি ইয়াৰ প্ৰভাৱ বিশেষকৈ শিশুসকলৰ পৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ পাছত দেশখনে শিশুসকলৰ ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে।

সম্প্ৰতি ভাৰতত তিনিটা ভেকচিন ব্যৱহাৰ কৰা হৈছে। সেইকেইটা হ’ল কোভাক্সিন, কোভিশ্বিল্ড আৰু স্পুটনিক ভি। এই সকলোবোৰ প্ৰাপ্ত বয়স্কসকলৰ বাবে উপযোগী হোৱাৰ বিপৰীতে শিশুসকলৰ ওপৰত এই ভেকচিন ব্যৱহাৰৰ অনুমতি পোৱা হোৱা নাই।

নীতি আয়োগৰ জ্যেষ্ঠ সদস্য ড০ ভি কে পলে জানিবলৈ দিয়ে যে যোৱা ১৩ মে’ত কেন্দ্ৰীয় চৰকাৰে এই ক্লিনিকেল ট্ৰায়েলৰ অনুমতি দিছিল।

শিশুসকলক কৰ’নাৰ পৰা দূৰত ৰখাৰ বাবে বিশেষজ্ঞসকলে কিছু পৰামৰ্শ আগবঢ়াইছে। তেওঁলোকে জানিবলৈ দিয়ে যে কোভিড-১৯য়ে এতিয়াও শিশুসকলৰ ওপৰত সিমান প্ৰভাৱ পেলাব পৰা নাই। কিন্তু সেই বুলি নিশ্চিন্ত হৈ বহি থাকিলে নহ’ব।

বিশেষজ্ঞসকলে শিশুসকল যাতে সুৰক্ষিত থাকে তাৰ বাবে আগৰে পৰাই শাৰীৰিক ব্যায়াম, খেলা-ধূলা, জাংক ফুড পৰিহাৰ কৰা, ভাল টোপনি তথা সদায় মাস্ক ব্যৱহাৰৰ লগতে সিক সময়ত ভেকচিন প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।