AIIMSৰ সঞ্চালকৰ সতৰ্ক বাৰ্তা; জুন-জুলাইত দেশত দ্ৰুতভাৱে বিয়পিব পাৰে কৰ’না মহামাৰী

554115-randeep

এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়া।

কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই এক গুৰুত্বপূৰ্ণ বক্তৱ্য আগবঢ়াইছে।

তেওঁ কয় যে জুন-জুলাই মাহত কৰ’নাৰ সংক্ৰমণৰ ঘটনা দ্ৰুতভাৱ বৃদ্ধি পাব।

গুলেৰিয়াই কয় যে দুটা কথাত গুৰুত্ব দিব লাগিব। যেনেদৰে আক্ৰান্তৰ ঘটনা বৃদ্ধি পাইছে আমাৰ টেষ্টিংও বৃদ্ধি পাইছে।

তেওঁ কয় যে আমি সফলতা লাভ কৰিবলৈ হ’লে টেষ্টিং যদিও বাঢ়িছে, আক্ৰান্তৰ ঘটনাও কম হোৱা উচিত আৰু আমি সতৰ্ক হৈ থকা উচিত।

সঞ্চালকগৰাকীয়ে কয়,’’লকডাউনৰ বহুত লাভ হৈছে। প্ৰথমতে সংক্ৰমণ যিমান বাঢ়িব বুলি ভৱা হৈছিল, সিমান বঢ়া নাই। আমাৰ লগত থকাসকলৰ আক্ৰান্ত ৰোগী বহুত বৃদ্ধি পাইছে। চিকিৎসকলে প্ৰশিক্ষণৰ বাবে সময় পাইছে।‘’

তেওঁ দুই তিনিমাহ পাছতহে পজিটিভ কেচৰ সংখ্যা হ্ৰাস পাব বুলিও কয়।

চৰকাৰে কোভিড কেন্দ্ৰ, টেষ্টিং বৃদ্ধি কৰাৰ লগতে হটস্পট অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰখা উচিত বুলিও গুলেৰিয়াই মন্তব্য কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, সঞ্চালক গুলেৰিয়াই কয় যে কৰ’না বিৰুদ্ধে যুঁজখন দীৰ্ঘ সময়লৈ চলিব। সকলোৰে জীৱন-যাত্ৰাত পৰিৱৰ্তন আহিব।

তেওঁ সকলোকে জীৱন প্ৰণালী সলনি কৰিবলৈকো আহ্বান জনায়।

শ্বপিং মল, চিনেমা গৃহ যোৱাৰ সময়ত সকলোৱে সামাজিক ব্যৱধান, মাস্ক পৰিধান কৰা আদি নতুন নিয়মসমূহ পালন কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰেপ কৰে।