NORTHEAST NOW (Assamese)

এইমছৰ বিশেষজ্ঞই কৰিলে সতৰ্ক: কোভিডৰ ফলত শৰীৰৰ প্ৰায় সকলো অংগৰেই ক্ষতি হ’ব পাৰে

August 28, 2020 10:15 am · এন ই নাও নিউজ
এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

কোভিডত আক্ৰান্ত হ’লে কেবল হাঁওফাঁওৱেই নহয়, শৰীৰৰ প্ৰায় সকলো অংগই ক্ষতিগ্ৰস্ত হ’ব পাৰে। সেইদৰে কৰ’না সংক্ৰমণ ঘটাৰ প্ৰাথমিক লক্ষণ বুকুৰ বিষ হ’ব বুলি কোনো কথা নাই।

এইমছৰ বিশেষজ্ঞসকলে এই কথা স্পষ্ট কৰি দিছে।

ইমানদিনে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বিষয়টোৰ ওপৰত ভিত্তি কৰি কোভিড সংক্ৰমণৰ ধাৰণা কৰা হৈছিল যদিও সেয়া কিমানদূৰ সঠিক আৰু তাৰ সৈতে আন অংগৰ প্ৰভাৱৰ বিষয়ো যোগ দিয়া উচিত বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে।

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া, নিউৰ’লজি বিভাগৰ মুৰব্বী এম ভি শ্ৰীবাস্তৱকে ধৰি বিশেষজ্ঞ চিকিৎসকসকলে এইদৰে মত ব্যক্ত কৰিছে।

ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে বিগত আঠ মাহত কোভিড সম্পৰ্কে বহু কথাই জানিব পৰা গৈছে।

সেই অনুসৰি, কোভিডৰ বিৰুদ্ধে ৰমকৌশল সলনি কৰিব লাগিব বুলিও দোহাৰে চিকিৎসকগৰাকীয়ে।

গুলেৰিয়াই কয় যে কেবল ভাইৰেল নিউমোনিয়াইনহয়, হাঁওফাঁওৰ উপৰিও আন বহু অংগত ইয়াৰ প্ৰভাৱ পৰে।

তেওঁ বাখ্যা কৰি কয় যে যিধৰণে শৰীৰত ভাইৰাছটো প্ৰৱেশ কৰে তাত কেবল হাঁওফাঁও নহয়, শৰীৰৰ আন অংগসমূহো আছে।

কোভিড লক্ষণ থকা এনে বহু ৰোগী আছে যিসকলৰ ষ্ট্ৰোক বা হাৰ্ট ব্লক হৈ পৰিছে।

বিশেষজ্ঞসকলে সেয়েহে কোভিডক লৈ বহু গৱেষণাৰ প্ৰয়োজনীয়া আছে বুলি স্বীকাৰ কৰে।

Related News