NORTHEAST NOW (Assamese)

আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

October 30, 2024 7:13 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মঙলবাৰে এইমছ গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ অৰ্থে  একাধিক অত্যাধুনিক স্বাস্থ্যসেৱাৰ সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে।

অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ লগতে সাংসদ, বিধান সভাৰ সদস্য, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিক,  কেইবাগৰাকীও অনুষদ, জ্যেষ্ঠ চৰকাৰী বিষয়া আদি উপস্থিত থাকে।

এইমছ গুৱাহাটীত নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত আছে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী দ্ৰুতগতিত প্ৰদান কৰাৰ বাবে ড্ৰোন সেৱা, এটা আধুনিক প্ৰেক্ষাগৃহ আৰু উচ্চ-শক্তিৰ লিনিয়াৰ এক্সেলেৰেটৰ , এইচডিআৰ ব্ৰেকিথেৰাপী ইউনিট আৰু ৪ ডি-চিটি চিমুলেটৰেৰে সজ্জিত ৰেডিঅথেৰাপী ব্লক, যিবোৰে  অঞ্চলটোত কৰ্কট ৰোগীৰ  যত্ন লোৱাত  বিপ্লৱৰ সূচনা কৰিব।

এনে সুবিধাসমূহৰ লগতে এইমছ গুৱাহাটীয়ে জটিল স্বাস্থ্য প্ৰয়োজনীয়তা থকা ৰোগীসকলক চিকিৎসা প্ৰদান  কৰাৰ ক্ষমতা সম্প্ৰসাৰিত কৰিব আৰু কৰ্কট ৰোগৰ চিকিৎসা প্ৰটোকলত উন্নত গৱেষণাৰ লগতে ভৱিষ্যতৰ বাবে ৰেডিয়েচন অংকলজিষ্ট আৰু চিকিৎসা পদাৰ্থবিজ্ঞানীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব।

ইয়াৰ উপৰি  উন্নত ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা যেনে ৩টি স্কেনাৰৰ সৈতে মেগনেটিক ৰেজনেন্স ইমেজিং (এমআৰআই) গোট, বিপলেন ডিজি ছাবট্ৰেকছন এঞ্জিওগ্ৰাফী (DSA), কেথ লেব,  আন্তৰ্জাতিক মানৰ  ৰেডিঅলজীৰ সুবিধা আৰু নিউৰোভাস্কুলাৰ,  হাড়ৰ স্বাস্থ্যৰ বাবে ডেক্সা স্কেনো  উদ্বোধন কৰা হয় । এইমছ গুৱাহাটীত নতুনকৈ স্থাপিত নিশাৰ আশ্ৰয়স্থলত  ৰোগীৰ যত্নৰ বাবে দূৰনিৰ পৰা অহা  ৰোগীসকলৰ পৰিয়ালৰ বাবে আশ্ৰয়স্থলৰো  ব্যৱস্থা কৰা হৈছে। ফলত ৰোগীৰ সৈতে অহা পৰিয়ালৰ লোকৰ  কষ্ট লাঘৱ হব ।

 ভাৰতৰ চলিত স্বাস্থ্যসেৱাৰ উন্নতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়  যে এইমছ গুৱাহাটীৰ সৈতে বিভিন্ন স্থানত উদ্বোধন কৰা এই নতুন সুবিধাসমূহ সুলভ, উচ্চ মানদৰ স্বাস্থ্যসেৱা, বিশেষকৈ  সেৱা লাভৰ পৰা দূৰৈত থকা  অঞ্চলসমূহৰ বাবে চৰকাৰে দিয়া  প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে  তেওঁ ভাৰতৰ স্বাস্থ্য নীতিৰ পাঁচটা স্তম্ভৰ বিষয়ে আলোকপাত কৰে: প্ৰতিৰোধমূলক যত্ন, আগতীয়া চিনাক্তকৰণ, সুলভ চিকিৎসা, সৰু চহৰসমূহত সম্প্ৰসাৰিত স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ। তেওঁ কয়ভাৰতে স্বাস্থ্যৰ বিষয়টোত  সামগ্ৰিকভাৱে দৃষ্টি ৰাখিছে,” তেওঁ  কয় যে কোটিতকৈও অধিক নাগৰিকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান ভাৰত যোজনা আৰু ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভায়া বন্দনা কাৰ্ডৰ দৰে পদক্ষেপে সকলোৰে বাবে স্বাস্থ্যসেৱাৰ  ব্যয় হ্ৰাস কৰিবলৈ  চৰকাৰে  স্থিৰ কৰা  লক্ষ্যকে  প্ৰতিফলিত কৰিছে।

 অনুষ্ঠানত অধ্যাপক পুৰাণিকেএইমছ গুৱাহাটীয়ে  উত্তৰপূব ভাৰতলৈ উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে আৰু অদূৰ ভৱিষ্যতে ট্ৰমা ইভেকুৱেচন চেণ্টাৰ, এটা শিশু বিকাশ  গোট আৰু এটা ষ্ট্ৰোক কেন্দ্ৰ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে

Related News