AIIMS Guwahati: গুৱাহাটী এইমছৰ লেহেমীয়া নিৰ্মাণ কাৰ্য দেখি ক্ষুব্ধ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

ছমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডৱ্যৰ

অসমবাসীয়ে অধীৰ অপেক্ষাৰে মুকলি হোৱাৰ বাবে ৰৈ থকা গুৱাহাটী এইমছৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’বলৈ অসমলৈ আহিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্য।

আজি চাংসাৰীৰ এইমছ প্ৰকল্প পৰিদৰ্শন কৰি অসন্তুষ্ট হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।এইমছৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হৈ পৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশ কৰে।

তেওঁ এইমছৰ নিৰ্মাণৰ সৈতে জৰিত দুয়োটা সংস্থাকে ছমাহৰ ভিতৰত চিকিৎসা প্ৰতিষ্ঠান খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আছিল অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এইমছৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰিবলৈ এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক গুৱাহাটী এইমছৰ উপ-সঞ্চালক হিচাবে নিযুক্তি দিবলৈ কেশৱ মহন্তক নিৰ্দেশ দিয়ে। উল্লেখ্য

চাংসাৰিৰ এইমছৰ কাম শেহতীয়াকৈ লেহেমীয়া হৈ পৰাৰ বাবেই চিকিৎসা প্ৰতিষ্ঠান খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব পৰা হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অকপটে স্বীকাৰ কৰে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ২৬ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰশিলা স্থাপন কৰিছিল গুৱাহাটী এইমছৰ।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন বাজেটতে অসমত এইমছ স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছিল।

অৱশ্যে নিৰ্মাণৰ স্থানক লৈ সৃষ্টি হোৱাৰ বিতৰ্কৰ অৱসান ঘটাই চাংসাৰিতে প্ৰস্তাৱিত এইমছ স্থাপনৰ সিদ্ধান্তৰ লগতে ৰাজ্য চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনে উত্তৰ গুৱাহাটী ৰাহজ চক্ৰৰ চাংসাৰিৰ জালাহ গাঁৱৰ ৫৭১ বিঘা মাটিতে এইমছ স্থাপনৰ স্থান চূড়ান্ত কৰিছিল।

অসমত এইমছৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১১২০ কোটি টকাৰ আৱন্টন দিছিল।