NORTHEAST NOW (Assamese)

জীয়াই থকাৰ সংগ্ৰামত মহানগৰীত এটা অসুস্থ হাতীৰ অসহায় বিচৰণ! কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ আৰু প্ৰশাসন

January 13, 2025 11:52 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আজি কিছুদিন ধৰি এটা অসুস্থ হাতীয়ে অসহায়ভাবে বিচৰণ কৰি ফুৰিছে মহানগৰীৰ উপকন্ঠ অঞ্চলত। এই দঁতাল হাতীটোৱে বীৰকুচি অঞ্চলৰ কলিতাকুচিত মৰণ-কাতৰ চিঞৰেৰে বিচৰণ কৰি থকা দেখা গৈছে। যাৰ ফলত স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে উদ্বেগৰ।

স্থানীয় লোকে জনোৱা মতে, হাতীটোৰ ভৰিখন ফুলি উঠিছে আৰু এই বিষতেই হাতীটোৱে লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰিছে।

হাতীটোৰ দুখ-কষ্ট প্ৰত্যক্ষ কৰি স্থানীয় বাসিন্দাসকলে হাতীটোক খাদ্য আৰু পানীৰ যোগান ধৰি আহিছে যদিও এতিয়ালৈকে বনবিভাগ বা স্থানীয় প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

স্থানীয় লোকে জনোৱা মতে, কাষতে থকা আমছাং বন্যপ্ৰাণী অভৰায়ণ্যৰ পৰা হাতীটো জনাঞ্চললৈ ওলাই আহিছে। ভোকত হাতীটোৱে মানৱ উৎসৰ পৰা খাদ্য বিচাৰি গাঁওখনত প্ৰৱেশ কৰি আহিছে।

স্থানীয় বাসিন্দা চুমী দেৱীয়ে জনোৱা মতে, “হাতীটোৱে প্ৰায় প্ৰতিদিনে খাদ্য বিচাৰি আমাৰ গাঁৱত প্ৰৱেশ কৰে। আমি যি পাৰো খাবলৈ আগবঢ়াই দিওঁ। হাতীটোৱে এতিয়ালৈকে কাকো আক্ৰমণ কৰা নাই যদিও, ৰাইজৰ মাজত আক্ৰমণৰ ভয় বিয়পি পৰিছে। গাঁওবাসীয়ে বাৰে বাৰে অসম বন বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰি আহিছে যদিও আহত হাতীটোৰ চিকিৎসাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।”

Related News