• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমান জনসংখ্যাৰ সন্দৰ্ভত ওৱাইচিৰ মন্তৱ্য, “আমিহে অধিক কণ্ডম ব্যৱহাৰ কৰোঁ”

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 9, 2022 10:13 am
আছাউদ্দিন ওৱাইছি। ফাইল ফটো।

আছাউদ্দিন ওৱাইছি। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে বিজয়া দশমীৰ ভাষণত ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে কৈছিল। জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সপক্ষে তেওঁ কৈছিল যে ধৰ্মৰ ওপৰত আধাৰিত জনসংখ্যাৰ ভাৰসাম্যৰ বৈষম্যৰ ফলত ভৌগোলিক সীমাৰ পৰিৱৰ্তন ঘটে। জনসংখ্যাৰ বাবে সম্পদৰ প্ৰয়োজন কিন্তু যদি জনসংখ্যা বৃদ্ধি হয়, তেন্তে ই এক বোজা হৈ পৰে। সেয়েহে, দেশৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ নীতিৰ প্ৰয়োজন আছে।

এআইএমআইএমৰ মুৰব্বী আছউদুদ্দিন ওৱাইচিয়ে আৰ এছ এছ প্ৰধানৰ মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদ সংস্থাৰ বাতৰি মতে, ওৱাইচিয়ে ভাগৱতক দেশৰ মুছলমান জনসংখ্যাৰ বিষয়ে চিন্তা কৰা বন্ধ কৰিবলৈ পৰামৰ্শ দিছে।

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত চিবিআইয়ে সোধপোছ কৰিলে প্ৰাক্তন ৰাজ্যপালক; চলিল তালাচীও!

ওৱাইচিয়ে কয়, “আতংকিত নহ’ব, মুছলমান জনসংখ্যা বৃদ্ধি হোৱা নাই, কিন্তু হ্ৰাস পাইছে… তেন্তে কোনে আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰিছে? এয়া আমি। মোহন ভাগৱতে ইয়াৰ বিষয়ে একো নক’ব।‘’

মোহন ভাগৱতে কৈছিল, “ধৰ্মৰ ভিত্তিত জনসংখ্যাৰ ভাৰসাম্যৰ পৰিৱৰ্তনৰ বাবে চুদান ভাঙি দক্ষিণ চুদান, ছাৰ্বিয়া ভাঙি কছোভো আৰু ইণ্ডোনেছিয়া ভাঙি পূব টিমোৰৰ দৰে নতুন দেশ গঠিত হৈছে।‘’ তেওঁ ভাৰতো যাতে সেই দিশত আগবাঢ়ি নাযায় তাৰবাবে এতিয়া জনসংখ্যা নীতিৰ বিষয়ে আলোচনা কৰাৰ প্ৰস্তাৱ দিয়ে আৰু কয় যে এই নীতি সকলোৰে বাবে সমানভাৱে প্ৰয়োগ কৰা প্ৰয়োজন।

লক্ষণীয় যে কেইদিনমান আগতে সংঘৰ মুৰব্বীগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ বিশ্বাস জিকিবলৈ ফিল্ডত নাইছিল। তেওঁ কেইবাগৰাকীও মুছলমান বুদ্ধিজীৱীকো লগ পাইছিল। তাৰ পিছত, তেওঁ বৰ্ণগত বৈষম্য আৰু জাতিগত বৈষম্য আঁতৰাই দলিতসকলক এটা বাৰ্তা দিব বিচাৰিছিল। তেওঁৰ মতে অতীতত ভুল কৰা হৈছিল। সেই ভুলবোৰ স্বীকাৰ কৰাত আমাৰ কোনো আপত্তি থাকিব নালাগে। আমাৰ পূৰ্বপুৰুষসকলে ভুল কৰা কথাটো স্বীকাৰ কৰিলে অভিযোগৰ গুৰুত্ব হ্ৰাস পাব।

লগতে পঢ়ক: ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

তেওঁ লগতে সংৰক্ষণৰ কথাও কৈছিল। সংৰক্ষণৰ লাভালাভ প্ৰত্যাহাৰ কৰাৰ সপক্ষে মন্তব্য দি তেওঁ দাবী কৰে যে ইয়াৰ ফলস্বৰূপে মেধাৱী শিশুসকলে শিক্ষা আৰু চাকৰিৰ সুযোগ হেৰুৱাইছে।

Live: Jalsa Rahmatul lil aalameen, Darussalam – Hyd | 2022 https://t.co/ibMrytkwbD#milad #Mawlid #ProphetForAll

— Asaduddin Owaisi (@asadowaisi) October 8, 2022

উল্লেখ্য যে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় সমাজত বৰ্ণ বিভাজনৰ বাবে অনুসূচীত জাতি-জনজাতিসকল বিভিন্ন লাভালাভৰ পৰা বঞ্চিত হৈ আহিছিল। বঞ্চনাৰ সমাপ্তিৰ বাবে অনুসূচীত জাতি আৰু জনজাতিসকলক সংবিধানত সংৰক্ষণৰ পৰিধিৰ অধীনলৈ অনাৰ সিদ্ধান্ত লোৱা হৈছিল। পৰৱৰ্তী সময়ত অ’বিচি সংৰক্ষণো প্ৰৱৰ্তন কৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd