ভাৰতীয় বায়ু সেনাৰ সূৰ্যকিৰণ এৰোবেটিক দলৰ ফ্লাইপাষ্ট প্ৰদৰ্শন হ’ব উত্তৰ-পূবত

Air Force’s Suryakiran Aerobatic team to hold flypast over Northeast

চলিত বৰ্ষৰ ডিচেম্বৰত ভাৰতীয় বায়ু সেনাৰ সূৰ্যকিৰণ এৰোবেটিক দলৰ দ্বাৰা ফ্লাইপাষ্ট প্ৰদৰ্শন কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ আকাশত।

১৯৭১ চনৰ যুদ্ধৰ স্বৰ্নিম বিজয় বৰ্ষ উপলক্ষে দেশৰ বিভিন্ন স্থানত এই ফ্লাইপাষ্ট প্ৰদৰ্শন কৰা হৈছে। ১৯৭১ চনৰ যুদ্ধৰ পিছত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই আত্মসমৰ্পণ কৰে আৰু এখন নতুন দেশ বাংলাদেশৰ জন্ম হয়।

সূৰ্যকিৰণৰ প্ৰদৰ্শনকাৰী সকলে উমিয়াম হ্ৰদত এক প্ৰদৰ্শন কৰাৰ পিছত ৪ ডিচেম্বৰত শ্বিলঙ আৰু তাৰ পিছত সমগ্ৰ উত্তৰ-পূবৰ ওপৰেৰে দুটা ফ্লাইপাষ্ট উৰুৱাব। ১২ ডিচেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত এই প্ৰদৰ্শনৰ সমাপ্ত হ’ব।

ভাৰতীয় বায়ু সেনাই এক বিবৃতিত কয়, “ভাৰতীয় বায়ু সেনাৰ সূৰ্যকিৰণ এৰোবেটিক দলটো সদায়ে ইয়াৰ পেছাদাৰীতা, নিখুঁততা আৰু দক্ষতাৰ বাবে ৰাষ্ট্ৰৰ গৌৰৱ হৈ আহিছে আৰু এইয়া বাৰে বাৰে যুদ্ধ আৰু শান্তিত প্ৰমাণিত হৈছে।”

সূৰ্যকিৰণ এৰোবেটিক দলক ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰদূত হিচাপে জনা যায়।

এই দলটো ১৯৯৬ চনত গঠন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় বায়ু সেনাৰ “গৌৰৱৰ সৈতে আকাশ স্পৰ্শ কৰক”ৰ মূলমন্ত্ৰ প্ৰতিফলন কৰি আহিছে।

দলটোৱে ৬০০ তকৈও অধিক প্ৰদৰ্শন সম্পূৰ্ণ কৰিছে আৰু ২০২১ চনত শ্ৰীলংকা আৰু ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।