এয়াৰ ইণ্ডিয়াই ১৩ মে’ত পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধিৰ বাবে জম্মু, শ্ৰীনগৰ, লেহ, যোধপুৰ, অমৃতসৰ, ভূজ, জামনগৰ, চণ্ডীগড়, ৰাজকোটকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰলৈ অহা-যোৱা কৰা সকলো বিমান সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰে। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা ভাৰতৰ অপাৰেচন সিন্দূৰকে ধৰি শেহতীয়াকৈ সামৰিক উত্তেজনাৰ ফলত আকাশমাৰ্গৰ নিষেধাজ্ঞা আৰু বিমানবন্দৰ বন্ধৰ ধাৰাবাহিকতাৰ পিছতে এই সিদ্ধান্ত গ্ৰোহণ কৰে।
বিমান সংস্থাটোৱে এক্সৰ জড়িয়তে ভ্ৰমণ পৰামৰ্শ জাৰি কৰি যাত্ৰীৰ সুৰক্ষাক প্ৰধান চিন্তা হিচাপে উল্লেখ কৰে আৰু অধিক আপডেট প্ৰদান কৰিবলৈ পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি থকা বুলি সদৰী কৰিছে। ২৪ এপ্ৰিলত পাকিস্তানে ভাৰতীয় বিমান সংস্থাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰাৰ পিছত ৭ মে’ত ভাৰতে পাৰস্পৰিক নিষেধাজ্ঞা আৰু সামৰিক আক্ৰমণৰ ফলত বিমান যাত্ৰাত যথেষ্ট ব্যাঘাত জন্মিছে। ইণ্ডিগ’, স্পাইচজেট, কাটাৰ এয়াৰৱেজ আৰু এমিৰেটছৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাসমূহেও উত্তেজনাপূৰ্ণ কৰিডৰৰ পৰা হাত সাৰিবলৈ বিমান সেৱা বাতিল বা পুনৰ পথ সলনি কৰিছে, কিছুমানে আৰব সাগৰৰ ওপৰেৰে দীঘলীয়া পথ বাছি লৈছে। শ্ৰীনগৰ আৰু অমৃতসৰৰ দৰে ডাঙৰ বিমানবন্দৰ বন্ধ কৰাৰ লগতে ছেকেণ্ডাৰী লেডাৰ পইণ্ট চেক আদি বৰ্ধিত নিৰাপত্তা ব্যৱস্থাই ভ্ৰমণ পৰিকল্পনাক আৰু অধিক জটিল কৰি তুলিছে, বিমান সংস্থাসমূহে এতিয়াও চলি থকা বিমানসমূহৰ বাবে যাত্ৰীসকলক কমেও তিনি ঘণ্টা আগতে উপস্থিত হ’বলৈ পৰামৰ্শ দিছে।
ভ্ৰমণকাৰীসকলৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰভাৱ পেলাইছে, এয়াৰ ইণ্ডিয়াই ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়া বা এবাৰৰ বাবে পুনৰ নিৰ্ধাৰণৰ ৰেহাই প্ৰদান কৰিছে। ক্ষেপণাস্ত্ৰ আক্ৰমণ, ড্ৰ’ন কাৰ্যকলাপ, সামৰিক কাৰ্যকলাপ্ৰ দ্বাৰা চলি থকা ভাৰত-পাকিস্তান সংঘাতে বিশ্বজুৰি উদ্বেগ সৃষ্টি কিৰিছে, ৰাষ্ট্ৰসংঘ আৰু আমেৰিকা আৰু চীনৰ দৰে দেশসমূহে উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাইছে।
পৰিস্থিতি এতিয়াও সম্পূৰ্ণ ৰূপে সুস্থিৰ হৈ নুঠানৰ বাবে বিমান পৰিবহণ খণ্ডই অধিক সাবধানতা অৱলম্বন কৰিছে, বিশ্লেষকসকলে সতৰ্ক কৰি দিছে যে দীৰ্ঘদিনীয়া উত্তেজনাৰ ফলত ইন্ধনৰ খৰচ আৰু বিমান ভাড়া বৃদ্ধি পাব পাৰে। এতিয়াৰ বাবে যাত্ৰীসকলক নিয়মিতভাৱে বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ আৰু অৱগত হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।