আন এক বৃহৎ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শতাধিক যাত্ৰী। টকিঅ’ৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই ৩৫৭ আন্তঃৰাষ্ট্ৰীয় বিমানখনত আকাশৰ মাজভাগতে কাৰিকৰী বিজুতি ঘটে। তাৎক্ষণিক সাৱধানতা অৱলম্বন কৰি বিমানখনে দেওবাৰে বিয়লি ৩:৩৩ বজাত কলকাতা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে।
সূত্ৰ অনুসৰি বিমানখনৰ ককপিটত প্ৰথমে কাৰিকৰী বিজুতিৰ সংকেত পোৱা যায়। লগে লগে পাইলটজনে কলকাতাৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি)ৰ সৈতে যোগাযোগ কৰি জৰুৰীকালীন অৱতৰণৰ অনুমতি বিচাৰে।
সেই সময়ত জাহাজখনত আছিল ২৪১ জন যাত্ৰী আৰু কেবিন ক্ৰু। অনুমতি লাভ কৰাৰ পিছতে বিমানবন্দৰ কৰ্তৃপক্ষই কলকাতা বিমানবন্দৰত জৰুৰীকালীন সেৱা সক্ৰিয় কৰি ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। অৱশেষত বিমানখন নিৰাপদে অৱতৰণ কৰা হয়।
চলিত মাহৰ আৰম্ভণিতে আহমেদাবাদত ২৪১ জন লোক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এজনৰ বাহিৰে বাকী সকলোৱে প্ৰাণ হেৰুৱায়। ফলত দেওবাৰপ এই ঘটনাই যাত্ৰী আৰু কৰ্তৃপক্ষৰ মাজত সতেজ আতংকৰ সৃষ্টি কৰিছে।
বহুতে কয় যে এয়াৰ ইণ্ডিয়াৰ বিমানত এই ধৰণৰ কাৰিকৰী বিজুতি নতুন নহয়। কিছুদিন পূৰ্বেও মুম্বাই অভিমুখী এখন বিমানে মাজ বাটতে দেখা দিয়া সমস্যাৰ বাবে কলকাতাত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। সেই বিমানখন ২৪ ঘণ্টাৰো অধিক সময় কলকাতা বিমানবন্দৰত ৰখাই থোৱা হৈছিল।
এনে সঘনাই যান্ত্ৰিক বিজুতিৰ ঘটনাই এয়াৰ ইণ্ডিয়াৰ ৰক্ষণাবেক্ষণ নীতিক লৈও প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত এনে কাৰিকৰী সমস্যাক লৈ চিন্তিত বিশেষজ্ঞসকল।
বহুতে অনুভৱ কৰে যে ইয়াৰ কঠোৰ পৰ্যালোচনাৰ সময় আহি পৰিছে। লগতে যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আপোচ নহয় তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ দাবী উত্থাপন হৈছে।