NORTHEAST NOW (Assamese)

১৫% আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

June 19, 2025 9:42 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 19, 2025 9:43 am

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ দুৰ্ঘটনা তথা বিমানৰ যান্ত্ৰিক বিজুতিৰ ঘটনাৰ বাবে  এয়াৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ১৫ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত ২০ জুনৰ পৰা কাৰ্যকৰী হ’ব বুলি সদৰী কৰিছে।


উল্লেখ্য যে ১২ জুনত এয়াৰ ইণ্ডিয়াৰ AI171 বিমান আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ কেইমিনিটমানৰ পিছতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বিমানত থকা ২৪২ জনৰ ভিতৰত ২৪১ জন যাত্ৰী আৰু কৰ্মচাৰীৰ মৃত্যু হয়। এই ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলায় আৰু এয়াৰ ইণ্ডিয়াৰ বিমানৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।


আনহাতে আহমেদাবাদৰ দুৰ্ঘটনাৰ পিছতো এয়াৰ ইণ্ডিয়াৰ বহু বিমানত কাৰিকৰী ত্ৰুটি ধৰা পৰিছিল। ফলত, ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যন (DGCA)-ৰ নিৰ্দেশনা অনুসৰি এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮/৯ বিমানৰ তদন্ত আৰম্ভ হৈছে। এনে ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ বয়িং ৭৭৭ বিমানৰো পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে।


এয়াৰ ইণ্ডিয়াই স্পষ্ট কৰিছে যে তেওঁলোকৰ এই সিদদ্ধান্তৰ ফলত প্ৰভাৱিত যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। লগতে, তেওঁলোকক ভ্ৰমণৰ বাবে বিকল্প ব্যৱস্থাও প্ৰদান কৰা হ’ব। কোম্পানীটোৱে নিজৰ বিবৃতিত কৈছে, “আমি যাত্ৰীসকলৰ সহযোগিতা বিচাৰিছো আৰু নিশ্চিত কৰিছো যে আমি অতি সোনকালে স্থিৰতা ঘূৰাই আনিম। AI171 বিমানৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ২৪১ জন যাত্ৰী আৰু ক্ৰু সদস্যৰ প্ৰতি আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ।”

উল্লেখনীয় যে দুৰ্ঘটনাৰ পিছৰে পৰা এয়াৰ ইণ্ডিয়াৰ বিমানসমূহৰ কাৰিকৰী ত্ৰুটিৰ বাবে বা জৰুৰীকালীন অৱতৰণৰ বাবে বাতৰিৰ শিৰোনামত আছে। যোৱা এটা সপ্তাহৰ ভিতৰত কোম্পানীটোৱে ৮০খনতকৈও অধিক বিমান বাতিল কৰিবলগীয়া হৈছে। এই ঘটনাবোৰৰ ফলত যাত্ৰীসকলে বয়িং বিমানৰ নিৰাপত্তাৰ প্ৰতি অস্বস্তি প্ৰকাশ কৰিছে।

Related News