কৰ’নাৰ প্ৰভাৱ : ২০০ পাইলটৰ চুক্তি নিলম্বন কৰিলে এয়াৰ ইণ্ডিয়াই

airindia_it_750_1585821039_618x347 new

কৰ’নাৰ আতংকই এইবাৰ বিমান পৰিবহন কোম্পীনতো প্ৰভাৱ পেলাইছে। নিয়মিতভাৱে এয়াৰলাইনছৰ দ্বাৰা তেওঁলোকৰ কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ বাতৰি আহি থকাৰ মাজতে এইবাৰ এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ ২০০ পাইলটৰ চুক্তি নিলম্বিত কৰিলে।

এই পাইলটসমূহক অৱসৰৰ পাছত পুনৰ এয়াৰ ইণ্ডিয়াত চাকৰি দিয়া হৈছিল।

উল্লেখ্য যে এয়াৰ ইণ্ডিয়াই প্ৰথমতেই নিজৰ সকলো কৰ্মচাৰীৰ দৰমহা অহা তিনিমাহলৈ ১০ শতাংশ কৰ্তনৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ পাছতে বিমান পৰিবহন কোম্পানী স্পাইচজেটে নিজৰ কৰ্মচাৰীসকলৰ দৰমহা ১০ৰপৰা ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে।

বাতৰি অনুসৰি, এয়াৰ ইণ্ডিয়াৰ সূত্ৰ মতে কোম্পানীটোৰ প্ৰায় সকলোবোৰ বিমান বৰ্তমান বন্ধ হৈ পৰি আছে। ইয়াৰ বাবে যোৱা কেই সপ্তাহত কোম্পানীটোৰ ব্যৱসায় ভীষণ ক্ষতিগ্ৰস্ত হৈছে। সেয়েহে, কোম্পানীটোৱে ইয়াৰ অৱসৰৰ পাছত কামত নিযুক্ত কৰা তেওঁলোকৰ ২০০ পাইলটৰ চুক্তি অস্থায়ীভাৱে নিলম্বন কৰিছে।

উল্লেখযোগ্য যে কৰ’নাভাইৰাছৰ বাবে ভাৰতকে ধৰি বিশ্বৰ প্ৰায় এক তৃতীয়াংশ দেশত লকডাউন চলি আছে। ইয়াৰ ফলত ভ্ৰমণ তথা পৰ্যটন উদ্যোগ স্থবিৰ হৈ পৰিছে। ভাৰততো বিমান যাত্ৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা আছে।

ভাৰতে ইয়ালৈ আহিবলগীয়া বিশেষ বিমানসমূহৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। আনকি অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ে ভিআইপি আৰু ভিভিআইপি কঢ়িওৱা বিমানসমূহকো দেশলৈ অহাত ১৪ তাৰিখলৈকে বন্ধ ৰাখিছে।