• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশেষজ্ঞৰ সাৱধানবাণী: গুৱাহাটীসহ অসমৰ পাঁচ চহৰত উদ্বেগজনক বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণৰ ফলত ৰাজ্যত প্ৰতি এক লাখৰ ভিতৰত চাৰি হাজাৰ জনে ভোগে শ্বাসকফত

ভৱেশ মেধি by ভৱেশ মেধি
May 2, 2019 8:43 pm
Air polution alarming in Five Assam cities including Guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে, ৰাজ্যৰ চহৰাঞ্চলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে।

ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জ্যেষ্ঠ পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই কয় যে ৰাজ্যৰ পাঁচখন চহৰ ক্ৰমে গুৱাহাটী, শিলচৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱৰ বায়ু প্ৰদূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তেওঁ কয় যে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা চহৰকেইখনত ধূলিৰ প্ৰদূষণ, যান-বাহনৰ প্ৰদূষণ আদি ৰোধ কৰাৰ বাবে কোনো উচিত ব্যৱস্থা নাই।

তথ্য মতে, বায়ু প্ৰদূষণৰ কবলত পৰা চহৰকেইখনত বায়ুৰ গুণগত সূচাংক পি এম ১০, নাইট্ৰ’জেন অস্কাইড, ছালফাৰ ডাই অস্কাইডৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বৰ্ধিত বায়ু প্ৰদূষণে মানুহৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে– শ্বাসকফ আৰু হাপানি ৰোগ বৃদ্ধি কৰে।

শ্বাসকফ অৰ্থ্যাৎ চিকিৎসা বিজ্ঞানৰ ভাষাত চি অ’ পি ডি বেমাৰত ভাৰতত বিশ্বৰ ভিতৰত সৰ্বাধিক লোকৰ মৃত্যু হয়। শ্বাসকফ বেমাৰৰ বাবে দেশে প্ৰতিবছৰে ৩৫হাজাৰ কৌটি টকা লোকচানৰ সন্মুখীন হয়।

সাধাৰণতে মানুহৰ মাজত এক ধাৰণা আছে যে ধঁপাত সেৱনৰ পৰা মানুহৰ শ্বাসকফ বেমাৰ হয়। কিন্তু চিকিৎসকসকলৰ অধ্যয়ন মতে, ধঁপাত সেৱনতকৈ বায়ু প্ৰদূষণৰ পৰা শ্বাসকফ বেমাৰ বেছি হোৱা দেখা গৈছে।

দেশৰ অন্যতম শ্বাসৰোগ বিশেষজ্ঞ তথা পুনেৰ চেষ্ট ৰিছাৰ্চ ফাউণ্ডে’চনৰ অধ্যক্ষ ডাঃ সুন্দিপ ছালভিয়ে কয় যে বায়ু প্ৰদূষণৰ পৰা প্ৰায় ৩৪ শতাংশ মানুহৰ শ্বাসকফ বেমাৰ হয়। আকৌ ধঁপাত সেৱনৰ পৰা ২১ শতাংশ মানুহৰ শ্বাসকফ বেমাৰ হয়।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য মতে, শ্বাসকফ বেমাৰ হোৱাৰ ক্ষেত্ৰত দেশৰ ২৯ ৰাজ্যৰ ভিতৰত অসম ১৫সংখ্যক স্থানত আছে। পৰিষদৰ তথ্য মতে ৰাজ্যত ১৫ লাখ শ্বাসকফ ৰোগী আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতে শ্বাসকফ ৰোগী বেছি আছে।

তথ্য মতে ৰাজ্যত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত চাৰি হাজাৰজন শ্বাসকফ ৰোগী আছে। আই চি এম আৰৰ তথ্য মতে ৰাজ্যত বায়ু প্ৰদূষণৰ বাবে এক লাখ জনসংখ্যাৰ ভিতৰত চাৰি হাজাৰ দুশ জন লোক শ্বাসকফ ৰোগত ভোগে। আকৌ ধঁপাত সেৱনৰ বাবে এক লাখ জনসংখ্যাৰ ভিতৰত ডেৰ হাজাৰজন লোক শ্বাসকফ ৰোগত ভোগে।

কৰ্মস্থলীৰ পৰিৱেশৰ বাবে এক লাখ জনসংখ্যাৰ ভিতৰত এক হাজাৰ জনে শ্বাসকফত ভোগে। আই চি এম আৰৰ তথ্য মতে ৰাজ্যত সাধাৰণতে ১৫ বিধ ৰোগত মানুহৰ মৃত্যু হয়।  শ্বাসকফ বেমাৰ মহিলাৰ ক্ষেত্ৰত ছয় নম্বৰত থকাৰ বিপৰীতে পুৰুষৰ ক্ষেত্ৰত পাঁচ নম্বৰত আছে।

তথ্য মতে অসমত মানুহ মৰাৰ ছটা মুখ্য কাৰণৰ ভিতৰত পুষ্টিহীনতা প্ৰথম আৰু বায়ু প্ৰদূষণ দ্বিতীয় স্থানত আছে।

ইপিনে কেন্দ্ৰীয় চৰকাৰৰ data.gov.in ৱে’বচাইটৰ তথ্য মতে ৰাজ্যত পুৰুষতকৈ মহিলাৰ মাজত বেছি হাঁপানি ৰোগ হোৱা দেখা যায়। ৰাজ্যত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ১৪১১ জন মহিলা হাঁপানি ৰোগী পোৱা যায়। আকৌ ৰাজ্যত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ১১০৫ জন পুৰুষৰ মাজত হাঁপানি ৰোগী পোৱা যায়।

ৰাজ্যৰ গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত পুৰুষ আৰু মহিলাৰ মাজত হাঁপানি ৰোগী বেছি পোৱা যায়। অসমৰ চহৰাঞ্চলত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ১৫৪২ জন মহিলা হাঁপানি ৰোগী পোৱা যায়। আকৌ, চহৰাঞ্চলৰ প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ১২৫৩ জন পুৰুষৰ মাজত হাঁপানি ৰোগী পোৱা যায়। ইয়াৰ পৰা দেখা ৰাজ্যত ক্ৰমাগতভাৱে বাঢ়ি অহা শ্বাসকফ, হাঁপানি আদি অ-সংক্ৰামক ৰোগ বৃদ্ধি হোৱাৰ ক্ষেত্ৰত বায়ু প্ৰদূষণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে।

ভৱেশ মেধি

ভৱেশ মেধি

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd