ভয়াবহ প্ৰদূষণৰ কবলত গুৱাহাটী! বায়ুৰ মানদণ্ড সূচক ৩০৮; শিশুৰ মাজত ৰোগৰ প্ৰাদুৰ্ভাৱ

Air Quality Index registering an alarming condition in Guwahati গুৱাহাটীৰ বাসিন্দাসকলে বায়ু প্ৰদূষণৰ এক তীব্ৰ সংকটৰ সন্মুখীন হৈছে। বায়ু মানদণ্ড সূচক (AQI) অতি নিম্ন স্তৰত উদ্বেগজনকভাৱে ৩০৮ পঞ্জীয়ন হৈছে। চহৰখনৰ কিছুমান অঞ্চলত বায়ু মানদণ্ড সূচক ৩১৮ লৈ হ্ৰাস হোৱাৰ খবৰ পোৱা গৈছে।

এই বিপদজনক বায়ুৰ মানদণ্ড গুৱাহাটীৰ নাগৰিকসকলৰ বাবে যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে কিয়নো ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে। বিশেষকৈ আগৰে পৰা হাঁওফাঁও বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলৰ বাবে উদ্বেগৰ বিষয়।

লগতে পঢ়ক: বিলম্ব ন্যায়! ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ; ৪৪ বছৰ পিছত কেৰাণীক দোষমুক্ত কৰিলে আদালতে

প্ৰদূষণ সম্পৰ্কীয় শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হোৱাৰ খবৰ পোৱাৰ পিছত কেইবাটাও শিশুক ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে। জি এম চি এইছৰ শিশু ৰোগ বিভাগৰ চিকিৎসক ডাঃ দিগন্ত বৰ্মনে জানিববলৈ দিয়া মতে বিগত ২৪ ঘণ্টাত জি এম চি এইচত ৩৬ টাকৈ শিশুক ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ২৫ টা শিশু ব্ৰঙ্কিওলাইটিছ. নিউমোনিয়া আৰু হাপানীৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভূগিছে। অৱশ্যে বৰ্তমান সিহঁত প্ৰায় সুস্থ হৈ উঠিছে।

মহানগৰীত ইতিমধ্যে আন লোকৰ মাজতো বৃদ্ধি পাইছে কাহ, জ্বৰ, চৰ্দি, মূৰৰ বিষকে ধৰি বিভিন্ন ধৰণৰ ৰোগ। প্ৰদূষিত বায়ুৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ, নাগৰিকসকলক বাহিৰৰ কাৰ্যকলাপ পৰিহাৰ কৰিবলৈ আৰু তেওঁলোকৰ দুৱাৰ- খিৰিকী বন্ধ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়ক: ওদালগুৰিত স্বামীক হত্যা কৰাৰ অভিযোগত মহিলা আৰু তেওঁৰ ‘প্ৰেমিক’ক গ্ৰেপ্তাৰ

সম্ভৱ হ’লে এয়াৰ পিউৰিফায়াৰৰ ব্যৱহাৰ কৰাৰ বাবে উৎসাহিত কৰা হৈছে আৰু যিসকলে ঘৰৰ বাহিৰলৈ ওলাবলগীয়া হয় তেওঁলোকক মাস্ক পৰিধান কৰাৰ পৰামৰ্শ দিয়া হৈছে।