উৰণৰ সময়তে চৰাইৰ খুন্দা: এইবাৰ ৰাঁছীত দৈৱক্ৰমে প্ৰাণৰক্ষা শতাধিক বিমান যাত্ৰীৰ

Air Asia-1596877656

কেৰালাৰ কালিকট আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সংঘটিত ভয়াৱহ বিমান দুৰ্ঘটনাই দেশত জোকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ ৰাঁছীত এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শতাধিক যাত্ৰী।

শনিবাৰে পুৱা ৰাঁছীৰ বিৰছা মুণ্ডা বিমান বন্দৰৰ পৰা মুম্বাই অভিমুখে উৰা মৰাৰ সময়তে এয়াৰ এছিয়াৰ ভিটি এইছ কে জি বিমান এখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এটা চৰায়ে।

এয়াৰ এছিয়াৰ আই ৫-৬৩২ বিমান খনত সেই সময়ত আছিল ১৭৬ গৰাকী যাত্ৰী।

বিমানখনে আকাশলৈ উৰা মাৰিবলৈ ধৰাৰ সময়তে চৰাই এটা আহি ককপিটত খুন্দা মাৰে।

বিমানখনৰ পাইলটে অকণো সময় বিলম্ব নকৰি লগে লগে বিমান খন পুনৰ বিমান বন্দৰলৈ নমাই অনাৰ ব্যৱস্থা কৰে। ফলত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰী সকল।

ঘটনাটো সংঘটিত হয় আজি দিনৰ ১১.৫০ বজাত। মুম্বাই অভিমুখী এয়াৰ এছিয়াৰ বিমানত চৰায়ে খুন্দা মৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতেই বিমান বন্দৰ কৰ্তৃপক্ষই বিমান খন তন্ন তন্ন কৈ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে।

চৰাইৰ খুন্দাৰ ফলত বিমান খনৰ সন্মুখ ভাগৰ কিছু ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।